ETV Bharat / state

এজাক বৰষুণতেই পুখুৰী হৈ পৰা ধেমাজিৰ এটা ব্যস্ত পথৰ দুৰৱস্থা - পথৰ দুৰৱস্থা

ধেমাজিৰ ৰে’ল ষ্টেচনৰ সমীপৰ অতি ব্যস্ত এটা পথৰ দুৰৱস্থা ৷ সামান্য এজাক বৰষুণতেই বোকা-পানীৰে উপচি পৰা পথটো চৰকাৰ তথা জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নোহোৱাত ক্ষুব্ধ ভুক্তভোগী ৰাইজ ৷

poor road condition at dhemaji
ধেমাজিত পথৰ দুৰৱস্থা
author img

By

Published : Dec 26, 2020, 7:29 AM IST

Updated : Dec 26, 2020, 7:38 AM IST

ধেমাজি,26 ডিচেম্বৰ : ধেমাজি সদৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ অতি ব্যস্ত এছোৱা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাই আহিছে পথচাৰী আৰু স্থানীয় ৰাইজক ৷ সামান্য এজাক বৰষুণ দিলেই পথটো বাৰিষাৰ দৰে বোকা-পানীৰে উপচি পৰে ৷ পথছোৱাত সৃষ্টি হোৱা দ’ গাঁতবোৰত পানীৰে পৰিপূৰ্ণ হৈ পুখুৰী সদৃশ হৈ পৰে ৷

ধেমাজিত পথৰ দুৰৱস্থা

স্থানীয় ৰাইজৰ অভিযোগ মতে,দীৰ্ঘদিন ধৰি জনপ্ৰতিনিধি অথবা চৰকাৰৰ কোনো এটা বিভাগেই মেৰামতি কৰা নাই পথটো ৷ যাৰ ফলস্বৰূপে গাড়ী পাৰ হ’লেই পথটোৰ পৰা নিক্ষেপ হোৱা ফলা শিল আৰু পানীয়ে পথচাৰীক অসুবিধাত পেলায় ৷

উল্লেখ্য যে,এই পথটোৰে দৈনিক শ শ ট্ৰাক গাড়ীয়ে মালবাহী ৰে’লৰ পৰা বিভিন্ন সামগ্ৰী কঢ়িয়াই নিয়ে ৷ পথটোৰ এই দুৰৱস্থাৰ দৃশ্য চৰকাৰ তথা জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : জৰাজীৰ্ণ কাঠৰ দলঙে জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক

Last Updated : Dec 26, 2020, 7:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.