ETV Bharat / state

Phat Bihu at Dhakuakhana: ম'হঘুলি চাপৰিত উদুলি মুদুলি পৰিৱেশ; শুকুৰবাৰৰ পৰা ফাটবিহু

ঢকুৱাখনাত ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰেৰে 12 মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ঐতিহ্যমণ্ডিত ফাটবিহু (Phat Bihu at Dhakuakhana)।

author img

By

Published : May 11, 2023, 9:38 PM IST

Phat Bihu will be held at Dhakuakhana
কাইলৈ অনুষ্ঠিত হ’ব ঢকুৱাখনাৰ হৃদপিণ্ডস্বৰূপ ফাটবিহু

ঢকুৱাখনা, 11 মে' : "এইবাৰ বিহুত ঘৰলৈ নাযাওঁ দিয়া, একেবাৰে ফাটবিহুতেই যাম ।" ঢকুৱাখনাৰ হিয়াৰ আমঠুস্বৰূপ ফাটবিহু দুৱাৰডলিত ৷ গাত ত’ত নাই ঢকুৱাখনাবাসীৰ ৷ ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰেৰে কাইলৈ অৰ্থাৎ 12 মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ঐতিহ্যমণ্ডিত ফাটবিহু (Phat Bihu at Dhakuakhana)। অসমীয়া সংস্কৃতি জগতৰ অনন্য তথা আকৰ্ষণীয় অনুষ্ঠান ফাটবিহু উদযাপনক লৈ ঢকুৱাখনাত এতিয়া উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । ন-ৰূপত সজাই পৰাই তোলা হৈছে 37 বিঘা মাটিৰে পৰিৱেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি (Phat Bihu will be held at Dhakuakhana)।

আহোম ৰাজত্বকালৰে পৰা স্বকীয় ঐতিহ্য পৰম্পৰাৰে উদযাপন কৰি অহা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ নিখুঁত আৰু সাৱলীল ৰূপত উপস্থাপনৰ হেতুকে আয়োজনৰ ত্ৰুটি কৰা নাই ঢকুৱাখনাৰ ৰাইজে । ফাটবিহু উপলক্ষে 11 খনকৈ উপ-সমিতিৰ বিষয়-ববীয়াই হাত উজান দিছে বিহু আয়োজনৰ কামত ৷ ফাটবিহু উৎসৱৰ পূৰ্বেই ঢোল পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে ম'হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি ।

অনুষ্ঠানটি সুশৃংখল ৰূপত উদযাপনৰ বাবে দুই শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে । উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা আৰু সম্পাদক বনশ্যাম গগৈয়ে সংবাদ মাধ্যমৰ আগত ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত এইবাৰ শতাধিক বিহুদলে অংশগ্ৰহণ কৰাৰ কথা অৱগত কৰে ৷ লগতে কয় যে, ফাটবিহুলৈ আহিবলগীয়া আলহী-অতিথিক আপ্যায়নৰ বাবে বিধে বিধে পিঠা-পনা ,জা-জলপান সাজু কৰা হৈছে । ফাটবিহুৰ তিনিও দিনৰ কাৰ্যসূচীত সকলোকে জাতীয় সাজ পৰিধানেৰে উপস্থিত থাকি ফাটবিহুৰ উপভোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি কাইলৈ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু উৎসৱৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই । ইয়াৰ পিচতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই । 11 বজাত বিভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহক আদৰণি জনোৱা হ’ব । 11.30 বজাত মঞ্চ মুকলি কৰিব ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড৹ কেশৱ হাজৰিকাই । দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব অভিনেত্ৰী স্মৃতি পেগুৱে । 2.30 বজাত অনুষ্ঠিত কৰা হ’ব চেমনীয়া হুঁচৰি প্ৰতিযোগিতা । চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব ডিব্ৰুগড়ৰ বিহুৱা জিতেন দাসে ।

লগতে পঢ়ক: Pawan Singh Ghatowar: ডিব্ৰুগড়ৰ সমষ্টিৰ পৰা লুৰীণজ্যোতিক প্ৰাৰ্থীত্ব দিব নেকি কংগ্ৰেছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.