জোনাই, ৪ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবাদমান অঞ্চলসমূহ শনিবাৰৰে পৰা অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰি আছে (Jayanta Malla Baruah in Dhemaji)৷ দেওবাৰে পুৱাই অসম-অৰুণাচল সীমান্তৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ লিকাবালি সীমান্তৰ মাদুৰিপথাৰ এলেকা, ডিমৌ পালে, দীপা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah visit Arunachal border)।
দীৰ্ঘদিনীয়া সীমা সমস্যা(Assam Arunachal border conflict) সমাধান কৰাৰ ক্ষেত্ৰত অসম-অৰুণাচল দুয়োখন চৰকাৰৰ যাতে কোনোধৰণৰ সমস্যা যাতে নহয় তাৰ বাবে সীমান্ত এলেকাত বসবাস কৰা জনতাৰ মতামত গ্ৰহণৰ বাবে উক্ত অঞ্চলত উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
ইফালে চিলাপথাৰৰ লিকাবালি সীমান্ত ভ্ৰমণৰ সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে সীমান্তবাসী অসমীয়াই অসমৰ মাটি অৰুণাচলক এৰি নিদিওঁ শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে । অসমৰ লোকৰ সৈতে বাৰ্তালাপ কৰা পাছত ৰাইজে এনে শ্ল’গানেৰে সীমান্তত অসমৰ মাটি এৰি নিদিবলৈ চৰকাৰক দাবী জনায় মাদুৰিপথাৰ অসমীয়া ৰাইজে । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সীমান্ত পৰিদৰ্শন কালত ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলা প্ৰশাসন উপস্থিত থাকে ।
লগতে পঢ়ক: সীমা সমস্যাঃ অসম-অৰুণাচলৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা