ETV Bharat / state

জোনাইত বনৰৌ উদ্ধাৰঃআটক চোৰাং চিকাৰী - ধেমাজিৰ জোনাই মহকুমা

ধেমাজিৰ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিত উদ্ধাৰ হৈছে এটা বনৰৌ ৷ আৰক্ষীয়ে বনৰৌটো উদ্ধাৰ কৰাৰ লগতে পাঁচজন চোৰাংচিকাৰীক আটক কৰে ৷

Pangolins recovred at jonai arrested five dhemaji assam etv bharat news
বনৰৌ উদ্ধাৰ
author img

By

Published : Mar 18, 2020, 3:31 PM IST

জোনাই,১৮ মাৰ্চঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰি আৰক্ষী থানাৰ এলেকাধীন তেলামত উদ্ধাৰ কৰা হৈছে এটা বনৰৌ ৷ বিগত 16মাৰ্চৰ নিশা প্ৰায় ১২.৩০ বজাত বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই AR-15-9899 আৰু AR-12-8806 নম্বৰৰ দুখন বলেৰ'ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনৰৌটো ৷ লগতে আৰক্ষীয়ে আটক কৰে পাঁচজনকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷

বনৰৌ উদ্ধাৰ

ধেমাজিৰ বন বিভাগৰ এচিএফ ৰোহিণী কুমাৰ দাস আৰু জোনাই বনাঞ্চলিক বিষয়া ফকৰুল ইছলামে সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি,এক গোপন সূত্ৰৰ পম খেদি জোনাই আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰাজু গগৈ আৰু চিমেন চাপৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰাম বৰাৰ লগতে ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত যুগকৃষ্ণ ৰাজবংশীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তেলামত এটা বনৰৌৰ লগতে পাঁচজন চোৰাং চিকাৰীক আটক কৰে ৷ উদ্ধাৰ হোৱা বনৰৌটো জোনাই বন বিভাগে পবা বনাঞ্চলত মুকলি কৰি দিয়ে ৷ ধৃত চোৰাং চিকাৰী কেইজনে অৰুণাচলৰ চাংলাং জিলাৰ পৰা পাচিঘাট হৈ নিৰিজুলিলৈ বনৰৌটো নিবলৈ চেষ্টা চলাইছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ঘটনা সন্দৰ্ভত চিকাৰী কেইজনক জোনাই আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে ৷ ধৃত চোৰাংচিকাৰী কেইজনৰ ঘৰ অৰুণাচল প্ৰদেশ চাংলাঙত ৷

লগতে চাওকঃকৰ’ণা ভাইৰাছৰ প্ৰভাৱ নপৰে বিটিচি নিৰ্বাচনতঃহাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.