জোনাই,১৪ এপ্ৰিল: ৰাজ্যজুৰি কৰ’ণাৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈছে বহু লোক ৷ জোনাইত বুধবাৰে মধ্য প্ৰদেশৰ পৰা অহা এজন 19 বছৰীয়া যুৱকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ 10 এপ্ৰিলত মুৰ্কংচেলেক ৰে’ল ষ্টেচনত গুৱাহাটীৰ পৰা উজনিমুৱা লাচিত এক্সপ্ৰেছৰে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক জোনাই স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক’ভিড-19 ৰ পৰীক্ষা কৰি থকা হৈছে ৷ উক্ত পৰীক্ষাতে যুৱকজনৰ শৰীৰত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷ আক্ৰান্ত যুৱকজন ওদালগুৰিৰ জিলাৰ কলাইগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, কৰ্মসূত্ৰে মধ্য প্ৰদেশত থকা কৰ’ণাত আক্ৰান্ত যুৱকজন অৰুণাচল প্ৰদেশৰ পাচিঘাটত থকা দেউতাৰ ওচৰলৈ অহা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আক্ৰান্ত যুৱকজনক হোম কোৱাৰেণ্টাইনৰ বাবে ওদালগুৰিলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে ৷
লগতে পঢ়ক: কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী