ETV Bharat / state

Jonai govt office scam: গৰম কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ - Officer and worker Crisis in government office

"আমি দিনটো বিচনী মাৰি কটাব লাগে ৷ উৎকট গৰমৰ কাৰণে কাৰ্যালয়লৈ নাহে ছাৰ-মেডাম ৷ যোৱা 5 বছৰ ধৰি আমি দিব পৰা নাই কাৰ্যালয়ৰ ভাৰা ৷ কাৰ্যালৰ ভিতৰত নাই প্ৰস্ৰাৱগাৰ, শৌচাগাৰ ৷ সেইবাবে ঘৰত থাকিয়েই ছাৰে আমাৰ অফিছৰ কাম চলায় ৷" ভূত বাংলালৈ পৰিণত জোনাইৰ কেবাটাও চৰকাৰী বিভাগৰ কাৰ্যালয় (Jonai govt office scam) ৷

officer-and-worker-crisis-in-government-office
গৰম কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ
author img

By

Published : Jul 12, 2022, 4:50 PM IST

জোনাই, 12 জুলাই : ইটোৰ পিছত সিটোকৈ চৰকাৰী কাৰ্যালয়ত মণ্ডাৱস্থা ৷ ৰাজ্যজুৰি শাসকীয় চৰকাৰে নিজৰ গুণ গানৰ ঢাক ঢোল বজাই থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোহৰলৈ আহিছে চৰকাৰী কাৰ্যালয়ৰ অৰাজকতাৰ ঘটনা (Officer and worker Crisis in government office) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) চৰকাৰী কৰ্মচাৰীসকলক সময়মতে কাৰ্যায়লত উপস্থিত থাকিবলৈ বাৰে বাৰে নিৰ্দেশনা দিয়াৰ পিছতো চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই কৰ্তব্যত গাফিলতি কৰাৰ ঘটনাই ৰাইজক অতিষ্ঠ কৰি তুলিছে (Guidelines foe govt employees) ৷

গৰম কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ

ভূত বাংলালৈ পৰিণত জোনাইৰ কেবাটাও চৰকাৰী বিভাগৰ কাৰ্যালয় ৷ কাৰ্যালয়ৰ নামত ঘৰৰ জঁকাটোহে আছে বুলি আক্ষেপ কৰে কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ৷ ইফালে গৰমৰ কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ-মেডাম ৷ দীৰ্ঘদিন ধৰি জোনাই মহকুমাৰ অন্তৰ্গত ভূমি সংৰক্ষণ বিভাগ, জোনাই জলসম্পদ উপ সংমণ্ডল আৰু মহকুমা মীন বিভাগৰ কাৰ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে কাৰ্যালয়টো চলাই থাকিব লগা হৈছে ৷

কোনোবা মাহত ছাৰ-মেডামৰ মন গ'লে এবাৰ ভুমুকি মাৰেহি কাৰ্যালয়ত ৷ কাৰ্যালয়কেইটাৰ কৰ্মচাৰীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি - "আমি দিনটো বিচনী মাৰি কটাব লাগে ৷ উৎকট গৰমৰ কাৰণে কাৰ্যালয়লৈ নাহে ছাৰ-মেডাম ৷ যোৱা 5 বছৰ ধৰি আমি দিব পৰা নাই কাৰ্যালয়ৰ ভাৰা ৷ কাৰ্যালৰ ভিতৰত নাই প্ৰস্ৰাৱগাৰ, শৌচাগাৰ ৷ সেইবাবে ঘৰত থাকিয়েই ছাৰে আমাৰ অফিচৰ কাম চলায় (Jonai govt office scam)৷"

মন কৰিবলগীয়া যে জোনাইৰ মীন বিভাগৰ কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে সুদূৰ ১০০ কিলোমিটাৰ ধেমাজিৰ পৰাই চলাই আছে জোনাইত থকা কাৰ্যালয়টোৰ কাম কাজ ৷ এতিয়া ৰাইজৰ কাম নকৰাকৈ চৰকাৰৰ পৰা মাহেকত হাজাৰ হাজাৰ টকা দৰমহা লাভ কৰিছে এই বিষয়াসকলে ৷ অতি জৰাজীৰ্ণ আৰু গোহালি সদৃশ গৃহত বছৰ বছৰ ধৰি চলি আহিছে এই চৰকাৰী কাৰ্যালয়কেইটা ৷ এতিয়া এই বিষয়াসকলক কোনে নাকী লগাব এই কথা হৈছে লক্ষণীয় ৷

লগতে পঢ়ক: কৰ্তব্যত গাফিলতি: চাকৰিৰ পৰা নিলম্বন চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.