ETV Bharat / state

উজনি অসমত কেনেকৈ বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ? - এইডছ

উজনি অসমত ব্যাপকভাৱে বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা ৷ জানো আহক ক’ত কেনেদৰে বিয়পিছে এই মাৰাত্মক ব্যাধি ৷

number-of-hiv-casses-are-increasing-in-upper-assam
উজনি অসমত কেনেকৈ বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ?
author img

By

Published : Sep 4, 2021, 5:04 PM IST

ধেমাজি , 4 ছেপ্টেম্বৰ : ক’ভিড সৃষ্ট পৰিৱেশৰ সময়তে ধেমাজি জিলাৰ পৰা এটা ভয়ানক তথ্য পোহৰলৈ আহিছে ৷ সম্প্ৰতি ধেমাজি জিলাত ভয়াৱহভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্ত লোকৰ সংখ্যা ৷ সঘনাই আক্ৰান্ত হৈছে জিলাখনৰ বহুলোক, শেহতীয়াকৈ জিলাখনত এইচ আই ভি পজিটিভ লোকৰ সংখ্যা হ'লগৈ ১১০ গৰাকী ৷ ধেমাজি জিলাখন অসম-অৰুণাচলৰ সীমান্তৱৰ্তী জিলা হোৱাৰ বাবে সঘনাই জিলাখনলৈ বিভিন্ন লোকৰ আগমন ঘটে ৷

ইয়াৰ উপৰি জিলাখনত ড্ৰাগছ সেৱনকাৰীলোকৰ সংখ্যা দ্ৰতগতিত বৃদ্ধি পোৱাত এইচ আই ভি পজিটিভৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা সদৰী কৰিলে জিলা এইডছ নিয়ন্ত্ৰণৰ দায়িত্বত থকা চৰকাৰী চিকিৎসকে ৷ মন কৰিবলগীয়া যে ৰাজ্যত এইডছ ৰোগৰ সজাগতাৰ নামত বিভিন্ন সংগঠন আৰু এইডছ নিয়ন্ত্ৰণ সমিতি দ্বাৰা বৃহৎ পুঁজিৰ জৰিয়তে কাম কাজ অব্যাহত ৰাখিছে যদিও হ্ৰাস পোৱা নাই এইডছ ৰোগীৰ সংখ্যা অথবা নিয়ন্ত্ৰণ হোৱা নাই এইডছ ৰোগ ৷ বিশেষকৈ উজনি অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মাৰাত্মক HIV আক্ৰান্ত লোকৰ সংখ্যা ।

উজনি অসমত কেনেকৈ বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ?

ৰাজ্যৰ ক'ভিড পৰিস্থিতি সামান্যভাৱে স্বাভাৱিক অৱস্থালে অহাৰ সময়তে HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যাই শেহতীয়াকৈ পুনৰ আন এক আতংকৰ সৃষ্টি কৰিছে ৷ ইফালে, বিগত দুটা বছৰত ডিব্ৰুগড়ৰ AMCH ত চিনাক্ত হৈছে সৰ্বাধিক ৩২৩ গৰাকী HIV পজিটিভ ৰোগী ।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই সদৰি কৰা মতে, চিকিৎসাধীন অৱস্থাত থকা ১৮ গৰাকী HIV ত আক্ৰান্ত লোকৰ ইতিমধ্যে মৃত্যু হৈছে । আনহাতে, গোলাঘাট জিলাত সৰ্বাধিক লোক HIV আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ বিশেষকৈ বহিঃ ৰাজ্যত কৰ্মৰত লোক সকলৰ মাজত এই সংখ্যা সৰ্বাধিক ৷ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ জিলাতো বহুলোক HIV আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

উল্লেখ্য যে, অসম চিকিৎসা মহাবিদ্যালয়ত নিয়মীয়া চিকিৎসা গ্ৰহণ কৰি ২৩৯ গৰাকী HIV আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ বয়স সৰহ সংখ্যকৰে ২৫ বছৰৰ উৰ্দ্ধৰ । একেটা চিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই উজনিত ভয়াৱহ ৰূপত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে AMCHৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

লগতে পঢ়ক : ভেকচিন নোলাৱাকৈ কাৰ্যালয়লৈ গ’লে চাকৰি হেৰুৱাব পাৰে আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.