ETV Bharat / state

উন্নয়নৰ মুখ নেদেখিলে জোনাইৰ উদয়পুৰবাসীয়ে

144 নং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেকাপাম গাঁও পঞ্চায়তৰ উদয়পুৰ গাঁৱৰ ৰাইজে আজিলৈকে দেখা নাপালে উন্নয়নৰ মুখ ৷ গাঁৱৰ মাজেৰে বৈ যোৱা মপী নৈয়ে প্ৰতিবছৰে সংহাৰ চলাই অঞ্চলটোত ৷ ছটা দশক ধৰি ৰাইজে নিৰ্মাণ কৰি অহা বাঁহৰ দলঙেই অঞ্চলটোৰ কেবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰসা যদিও বাৰিষা কালত প্ৰায়েই নৈয়ে উটুৱাই লৈ যায় দলংখন। ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ৷

no development at jonai
উন্নয়নৰ মুখ নেদেখিলে জোনাইৰ উদয়পুৰ গাঁৱৰ ৰাইজে
author img

By

Published : May 19, 2021, 1:03 PM IST

জোনাই,19 মে': উন্নয়নৰ মুখ নেদেখা ধেমাজিৰ এখন গাঁও ৷ 144 নং বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনত আজিলৈকে নহ'লে যাতায়তৰ সু-ব্যৱস্থা ৷ সমষ্টিটোৰ ডেকাপাম গাঁও পঞ্চায়তৰ উদয়পুৰ গাঁৱৰ মাজেৰে বৈ গৈছে মপী নৈ ৷ এই মপী নৈয়ে প্ৰতিবছৰে সংহাৰ চলাই অঞ্চলটোত ৷ 1962 চনৰে পৰা অবিভক্ত ডিব্ৰুগড় জিলাৰ খোৱাং, লেঙেৰী আদি মৌজাৰ পৰা অহা বহু সোণোৱাল সম্প্ৰদায়ৰ পৰিয়ালে তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ জোনাইৰ ডেকাপাম অঞ্চলৰ পৰা আহি উদয়পুৰত গাঁও পাতি বসবাস কৰি আহিছে যদিও প্ৰতিষ্ঠাৰ কালৰে পৰাই গাঁৱখনৰ ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰি আহিছে অস্থায়ী দলং।

no development at jonai
উন্নয়নৰ মুখ নেদেখিলে জোনাইৰ উদয়পুৰ গাঁৱৰ ৰাইজে

ছটা দশক ধৰি ৰাইজে নিৰ্মাণ কৰি অহা বাঁহৰ দলঙেই অঞ্চলটোৰ কেবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰসা যদিও বাৰিষা কালত প্ৰায়ে নৈয়ে উটুৱাই লৈ যায় দলংখন । যাৰ ফলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিবাৰীৰ পৰা উদয়পুৰ হৈ নাহৰণি সংযোগী পথচোৱা বিছিন্ন হৈ পৰে । বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰৰ লগতে তিনিবাৰকৈ জোনাই সমষ্টিৰ বিধায়কৰ আসন দখল কৰা প্ৰদান বৰুৱা আৰু দুবাৰকৈ সমষ্টিটোত বিজয়ী হোৱা ভূৱন পেগুক স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে আবেদন নিবেদন কৰি অহাৰ পাচতো কোনো সুফল লাভ নকৰিলে ৷

জন প্ৰতিনিধিৰ চূড়ান্ত অৱহেলাৰ বাবেই মপী নদীৰ ওপৰত আজিকোপতি দলং নিৰ্মাণ নোহোৱাৰ ফলত প্ৰতিটো বাৰিষাৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী, ৰোগী, ক্ষুদ্ৰ ব্যৱসায়ী, সৰ্বসাধাৰণ ৰাইজে বিপদজনকভাৱে যাতায়ত কৰিবলগীয়া হৈ আহিছে বুলি ভুক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । সেয়েহে জোনাইৰ নৱ নিৰ্বাচিত বিধায়ক তথা নতুন চৰকাৰক ডেকাপাম আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ইউবিপিঅ’ৰ সানজা সানজাৰি নগৰ আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে দলং নিৰ্মাণৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.