ETV Bharat / state

ধেমাজিত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী সমদল

author img

By

Published : Dec 14, 2020, 4:57 PM IST

কৃষক বিৰোধী আইন বাতিল, বিদ্যুতৰ বিল বাতিলৰ দাবী আৰু দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত ধেমাজিতো প্ৰতিবাদ কৃষকৰ ৷

Nikhil Bharat Krishak Sabha Protest at Dhemaji

ধেমাজি, ১৪ ডিচেম্বৰ : সংযুক্ত কৃষক মৰ্চাৰ আহ্বান মৰ্মে নিখিল ভাৰত কৃষক সভাৰ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদ ৷ নিখিল ভাৰত কৃষক সভাৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে সোমবাৰে কৃষক বিৰোধী কৃষি আইন বাতিল কৰা, বিদ্যুতৰ বিল বাতিল কৰা আৰু দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত ধেমাজি নগৰত এক প্ৰতিবাদী সমদল উলিয়াই ৷ প্ৰতিবাদী লোকসকলে ধেমাজি নগৰৰ চাৰিআলিৰ পৰা তিনি আলিলৈকে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ জনায় ৷

ধেমাজিত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ
ধেমাজিত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত 19 দিন ধৰি অব্যাহত আছে দেশজুৰি কৃষকৰ প্ৰতিবাদ ৷ চৰকাৰে প্ৰণয়ন কৰা নতুন কৃষি আইন বাতিলৰ দাবীত ওলাই আহিছে দেশৰ কৃষক সকল ৷ দিল্লী সীমান্তত ব্যাপক ৰূপ লৈছে এই কৃষক বিদ্ৰোহে ৷ কিন্তু চৰকাৰে কৃষকৰ এই আন্দোলনক গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলে ৷

লগতে পঢ়ক : প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.