ETV Bharat / state

ধেমাজিত ক'ভিড ৰোগীলৈ সহায়ৰ হাত স্বেচ্ছাসেৱী অনুষ্ঠান "গুঞ্জ"ৰ - ngo-gunja-helping-covid-patient-at-dhemaji

ধেমাজিৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান আৰভিচি আৰু চেড'ৰ সহযোগত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৰোগীসকলৰ বাবে 30 টা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছে স্বেচ্ছাসেৱী অনুষ্ঠান গুঞ্জই ৷

ingo-gunja-helping-covid-patient-at-dhemaji
সহায়ৰ হাত স্বেচ্ছাসেৱী অনুষ্ঠান "গুঞ্জ"ৰ
author img

By

Published : May 28, 2021, 11:04 PM IST

ধেমাজি,28 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ভিডে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ ক'ভিডত আক্ৰান্ত হৈ ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহু ৰোগী ৷ সমান্তৰালকৈ বহু চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ,পি পি ই কিটৰ অভাৱ হোৱাৰ বাবে অকাল মৃত্যুক সাৱটিব লগীয়া হৈছে বহু ক'ভিড আক্ৰান্তই ৷ ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ধেমাজিত আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান গুঞ্জ ৷

ingo-gunja-helping-covid-patient-at-dhemaji
ধেমাজিত ক'ভিড ৰোগী সহায়ৰ হাত স্বেচ্ছাসেৱী অনুষ্ঠান "গুঞ্জ"ৰ

গুঞ্জ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে শুকুৰবাৰে ধেমাজিৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান আৰ ভি চি আৰু চেড'ৰ সহযোগত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৰোগীসকলৰ বাবে 30 টা অক্সিজেন চিলিণ্ডাৰ আগবঢ়ায় ৷ ধেমাজি জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৰ উপস্থিতিত ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ হাতত চিলিণ্ডাৰ কেইটা অৰ্পণ কৰে সংস্থাটোৱে ৷

প্ৰায় 30 লাখ টকাৰ মূল্যৰ এই জীৱনদায়িনী অক্সিজেনৰ প্ৰদানৰ বাবে গুঞ্জক ভূয়সী প্ৰশংসা কৰে জিলাৰ উপায়ুক্তই ৷ ইপিনে অনুষ্ঠান তিনিটাই ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক'ভিড যোদ্ধা, চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলৰ বাবে 120 টা পি পি ই কিট আৰু ফেচচিল্ড প্ৰদান কৰে ৷ এই ভয়াৱহ পৰিৱেশৰ মাজতে মানৱ কল্যাণৰ বাবে আগবাঢ়ি অহা তিনিওটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পদক্ষেপক প্ৰশংসা কৰিছে ধেমাজিবাসীয়ে ৷

লগতে পঢ়কঃ ধনদাবী কৰি কাৰ্বি আংলঙত দুই দুৰ্বৃত্ত আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.