ETV Bharat / state

নন্দিতা আৰু উভতি নাহে; উচুপিছে মৰিঢল কলেজৰ শিক্ষক-শিক্ষাৰ্থীয়ে - নন্দিতা শইকীয়াৰ মৃত্যু

অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ পাঁচদিন ধৰি চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি হাৰ মানিলে মেধাৱী ছাত্ৰীগৰাকীয়ে ৷ নন্দিতাৰ মৃত্যুৰ পাচতে শোকত ভাগি পৰিছে মৰিধল মহাবিদ্যালয়ৰ শিক্ষক তথা শিক্ষাৰ্থী সমাজ ৷ দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী শিক্ষক আৰু শিক্ষাৰ্থীৰ ৷

maridhal college student nandita saikia
নন্দিতাৰ মৃত্যু
author img

By

Published : Aug 25, 2021, 6:42 PM IST

ধেমাজি , 25 আগষ্ট : পাঁচদিন ধৰি হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই ৷ মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ এজন কৰ্মচাৰীৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নন্দিতা ৷ নন্দিতাৰ মৃত্যুৰ বাতৰিয়ে অন্যান্য লোকৰ লগতে বাকৰুদ্ধ কৰি তুলিছে মৰিধল মহাবিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী সমাজক ৷

মৃত্যুৰ শিতল কোলাত শুই পৰিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া

নন্দিতাৰ মৃত্যুত শোকবিহ্বল হৈ পৰা মহাবিদ্যালয়ৰ শিক্ষক তথা শিক্ষাৰ্থী সকলোৰে এতিয়া মাথো এটাই দাবী, দোষীৰ কঠোৰ দৃষ্টান্তমূলক শাস্তি ৷ মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰা মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষকে অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী জনাই নন্দিতাৰ মৃত্যুৰ বাবে মহাবিদ্যালয়খনক যাতে কোনেও জগৰীয়া নকৰে তাৰ বাবে আহ্বান জনায় ৷ নন্দিতাৰ শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে অতি মেধাসম্পন্ন আছিল নন্দিতা ৷

লগতে পঢ়ক : মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

মবাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ কমল গগৈয়েও অপৰাধী যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই ৷ মহাবিদ্যালয়খনে এগৰাকী মেধাসম্পন্ন ছাত্ৰী হেৰুৱালে বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ গগৈয়ে আক্ষেপ প্ৰকাশ কৰে ৷ মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ সহপাঠীৰ মৃত্যুৰ বাবে দায়ী অপৰাধীক শাস্তি বিহাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

উল্লেখ্য যে, ৰিণ্টু শৰ্মা নামৰ যুৱকজনৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নন্দিতা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ মহাবিদ্যালয়খনৰ লাইব্ৰেৰীত কৰ্মৰত কৰ্মচাৰী ৰিণ্টু শৰ্মাই দিন দুপৰতে ধেমাজি চহৰত নন্দিতাৰ লগতে নন্দিতাৰ সহপাঠী কাস্মিনা দত্তক দাৰে উপৰ্যুপৰি ঘপিয়াই আহত কৰিছিল ৷ ঘটনাৰ পাচতে দাৰ ঘাপত প্ৰচুৰ ৰক্তক্ষৰণ হোৱা নন্দিতাক ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল ৷

ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত কাস্মিনা দত্ত বৰ্তমান বিপদমুক্ত যদিও পাঁচটাকৈ দিন চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজ দি বুধবাৰে নন্দিতাই শেষ নিশ্বাস ত্যাগ কৰে ৷ ঢকুৱাখনাৰ কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়াৰ দুহিতা মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সকলোতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ৷

লগতে পঢ়ক : কেনে আছে নন্দিতা শইকীয়া ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.