জোনাই, 22 ফেব্ৰুৱাৰী : কুৰিদিনৰ পাচতো সন্ধান ওলোৱা নাই ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বিশঘৰীয়া গাঁৱৰ বীৰেণ দত্তৰ পুত্ৰ অনিল দত্তৰ পত্নী মিতালী নাথ দত্তৰ (Mitali Nath Dutta went missing)। সেইদিন ধৰি মাতৃক বিচাৰি কান্দোনত ভাগি পৰিছে কন্যা অনামিকা । মাতৃ নিৰুদ্দেশ হোৱা দিন ধৰি খোৱা বোৱাৰ প্ৰতিও অনামিকাৰ মন নোহোৱা হৈ পৰিছে বুলি পিতৃ বীৰেন দত্তই জানিবলৈ দিয়ে ।
ৰহস্যজনকভাৱে মাকৰ চিন্তাত শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা অনামিকা দত্তই অধ্যয়ন কৰি আছে চিমেন চাপৰি বিশঘৰীয়া প্ৰাথমিক বিদ্যালয়ত ৷ মংগলবাৰে বিদ্যালয়ত প্ৰৱেশৰ পিচতে বিদ্যালয় চৌহদত মুৰ্চ্ছা যায় অনামিকা দত্ত । ততাতৈয়াকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, সহকাৰী শিক্ষক আৰু ৰান্ধনী সকলৰ তত্বাৱধানত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱাৰে ডেকাপাম ক্ষূদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় কণমানি গৰাকীক (Mitali Nath Dutta missing case) ।
চিকিৎসালয়ত ভৰ্তিৰ পিচতে কণমানি গৰাকীৰ স্বাস্থ্যৰ সামান্য উন্নতি ঘটিছে বুলি স্থানীয় সূত্ৰত প্ৰকাশ । উল্লেখযোগ্য যে, এঘাৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ মিতালী নাথ দত্ত (২৭)ই যোৱা ৩১ জানুৱাৰীৰ দিনা পুৱা ১১-৩০ বজাত নিজ ঘৰৰ পৰা চিমেন চাপৰিৰ বজাৰলৈ বুলি ওলাই যায় । স্বামী অনিল দত্তই পুৱাই চিমেন চাপৰিলৈ কাম কৰিবলৈ ওলায় যোৱা আৰু পঞ্চম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনী বিদ্যালয়লৈ যোৱাৰ সময়তে মিতালী নাথ দত্তই ঘৰৰ পৰা ওলাই গৈছিল বজাৰলৈ (Jonai missing case)।
সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত স্বামীৰ লগতে পৰিয়ালৰ লোকে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত বিচাৰ খোচাৰ কৰাৰ উপৰি সম্পৰ্কীয় মানুহৰ সৈতে যোগাযোগ কৰে যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল । পিচদিনা অনিল দত্তই পত্নীৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ চিমেন চাপৰি আৰক্ষী থানাত দাখিল কৰে । নিৰুদ্দেশ হোৱা মিতালী নাথ দত্তৰ উচ্চতা পাঁচ ফুট দুই ইঞ্চি, গাৰ বৰণ বগা, চুলিৰ ৰং ক'লা, দীঘল বুলি জানিবলৈ পৰা গৈছে ।
দুসপ্তাহৰো অধিক দিন ধৰি মাতৃ সন্ধানহীন হৈ থকাৰ ফলত এঘাৰ বছৰীয়া কন্যা সন্তান গৰাকী আৰু স্বামীৰ লগতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে, মিতালী নাথ দত্তই উক্ত দিনা ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত বিশঘৰীয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কন্যাক লগ কৰি চিমেন চাপৰিৰ পৰা ঘূৰি অহাত দেৰি হ'লে ফোন কৰিবলৈ এটা নতুন ফোন নম্বৰ দি গৈছিল ।
উক্ত নম্বৰটোৰ পৰা অনিল দত্তলৈ "অক্ষয় যাদৱ নামৰ এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো ৷ গতিকে মোক বিচাৰি লাভ নাই ৷ মই ঘৰলৈ উভতি নাহোঁ " বলি বাৰ্তা এটা আহিছিল ৷ অৱশ্যে সেয়া মিতালী দত্তই পঠিয়াইছে নে আন কোনোবাই সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে ৷ নিৰুদ্দিষ্ট মহিলা গৰাকীৰ কোনো লোকে সন্ধান পালে ৭০৮৬৪-৯০৪১৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।
লগতে পঢ়ক : Police Press conference on Teok murder: যোৰহাটৰ নৃশংস ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ সংবাদ মেল