ETV Bharat / state

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্বত গাহৰিৰ গঁৰাল চেনিটাইজ - ছোৱাইন ফিভাৰ

জোনাইত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্বত গাহৰিৰ গঁৰাল চেনিটাইজ ৷ এই কাৰ্যসূচীত ভাগ লয় মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৭নং চিমেন চমকং সমষ্টিৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰা,৬ নং সানজাৰি নগৰ সমষ্টিৰ নিৰ্বাচিত সদস্য মলেন নাৰ্জাৰী আৰু স্থানীয় দল সংগঠনে ৷

mising autonomus council sanitized pig farms

author img

By

Published : May 12, 2020, 8:33 PM IST

জোনাই ১২ মে' : বৰ্তমান দেখা দিয়া ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে জোনাইত সমূহীয়াভাৱে গাহৰি গঁৰালত চেনিটাইজেশ্যন ৷ এফালে কৰ'ণাৰ আতংক আৰু আনফালে ছোৱাইন ফিভাৰে জলা কলা খুৱাইছে ৰাজ্যৰ গাহৰি পালকসকলক ৷ তাৰমাজতে জোনাইত মিচিং স্বায়ত্ব শাসিত পৰিষদে চেনিটাইজ কৰে গাহৰিৰ গঁৰাল ৷

mising autonomous council sanitized pig farms
গাহৰিৰ গঁড়াল চেনিটাইজ

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৭নং চিমেন চমকং সমষ্টিৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰাই গাহৰি পালক সকলৰ মাজত বিতৰণ কৰে ১০০ লিটাৰ হাইড্ৰ'কাৰ্ৱনেট আৰু ১২ টা স্প্ৰে' মেছিন । একে ধৰণে ৬ নং সানজাৰি নগৰ সমষ্টিৰ নিৰ্বাচিত সদস্য মলেন নাৰ্জাৰীয়ে নিজৰ সমষ্টিত চেনিটাইজ কাৰ্যসূচী শুভ উদ্যোধন কৰে ।দুয়োটা কাৰ্যসূচীতে চিমেন চাপৰিৰ পশু পালন আৰু চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ ৰাজু দত্ত, কাৰ্যবাহী সদস্য ভৱানী দুৱৰা মলেন নাৰ্জাৰী লগতে স্থানীয় সংগঠন সমূহৰ নেতাৰ লগতে গণ শক্তিৰ স্থানীয় নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : চিলিং ফেনত ওলমি ৰ'ল অধ্যাপকৰ নিথৰ দেহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.