ETV Bharat / state

Miscreants burn Dhol: ধিক্কাৰ ! উদণ্ড যুৱকে জ্বলালে জাতিৰ স্বাভিমান গামোচা তথা ঢোল - Insult to Gamucha at Silapathar

নিজ ভূমিতে চূড়ান্ত অপমান অসমীয়াৰ আবেগ অনুভূতি স্বাভিমান স্বৰূপ গামোচা আৰু ঢোল (Miscreants burn Dhol at Silapathar) । চিলাপথাৰত বিহুৱা ডেকাই পেট্ৰ'ল ঢালি জ্বলাই দিলে গামোচা আৰু ঢোল । অভিযুক্তৰ বিৰুদ্ধে চিলাপথাৰ থানাত এজাহাৰ দাখিল ।

Miscreants burn Gamucha Dhol at Silapathar
চিলাপথাৰত উদণ্ড যুৱকে জ্বলাই দিলে ঢোল
author img

By

Published : May 8, 2023, 7:36 PM IST

চিলাপথাৰত উদণ্ড যুৱকে জ্বলাই দিলে ঢোল

ধেমাজি,৮ মে': যি সময়ত অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাই ভৌগলিক স্বীকৃতি লাভ কৰাত ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে, সেই সময়তে স্ব-ভূমিতেই গামোচাক কৰা হ’ল চূড়ান্ত অপমান (GI tag to Gamocha) ৷ গামোচাৰ অবিহনে বিহুৰ অস্তিত্ব চিনিব নোৱাৰি ৷ তেনে ক্ষেত্ৰত অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰা এইখন গামোচাক লৈ চিলাপথাৰত পুনৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ২০১৬ চনত আছুৰ কাৰ্যালয়ত এই গামোচাখন গচকি এক বহিৰাগত শক্তিয়ে অপমান কৰিছিল ৷

ইয়াৰ পিছত পুনৰ ব'হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোলক অপমান একাংশ উদণ্ড যুৱকৰ (Insult to Gamucha at Silapathar) । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত (Miscreants burn Gamucha Dhol at Silapathar) । চিলাপথাৰৰ কেন্দুগুৰি গাঁৱৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া আৰু অনন্ত নামৰ কেইবাজনো যুৱক উপস্থিত হৈ কোনো কথা-বতৰা নোকোৱাকৈয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, ঢোলত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে ।

লগতে পঢ়ক: Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

এনে কাণ্ডত মৰ্মাহত হৈ পৰিছে বিতুলৰ লগতে অঞ্চলবাসী ৰাইজ । অসমীয়াৰ আবেগ অনুভুতি জৰিত হৈ থকা ফুলাম গামোচা তথা ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ স্বাভিমানত আঘাত হনা হৈছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে (Miscreants burn Dhol) । এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সচেতন ৰাইজে ।

যদি কোনো অনা অসমীয়া লোক হ'লহেতেন তেন্তে এতিয়া কি পৰিস্থিতি হ'ল হয় বুলি প্ৰশ্ন কৰে ৰাইজে । শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ অসমীয়া ৰাইজৰ ওপৰত বিষয়টো এৰি দিছে পৰিয়ালটোৱে । ইতিমধ্যেই ভুক্তভোগীয়ে চিলাপথাৰ থানাত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক: Student commits suicide: বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুলত ছাত্ৰৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.