ETV Bharat / state

জোনাইত বান পৰিস্থিতি পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ

author img

By

Published : Jul 27, 2020, 9:16 PM IST

জোনাইত বান পৰিস্থিতি পৰিদৰ্শন কৰি গৰাখহনীয়া আৰু বান প্ৰতিৰোৰ বাবে ১২ কোটি টকা ঘোষণা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ ৷ বানত গৃহহাৰা লোকসকলক বাৰিষাৰ পিছতে প্ৰধান মন্ত্ৰী আবাস যোজনা গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰীজনৰ ৷

Minister Naba Dale Visit Flood Area At Dhemaji
জোনাইত বান পৰিস্থিতি পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ

জোনাই, ২৭ জুলাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাত সোমবাৰে উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা সাংস্কৃতিক যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে ৷ জোনাইৰ বানাক্ৰান্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী গৰাকীয়ে প্ৰথমে জোনাই মহকুমাত চৰকাৰী বান শিবিৰসমূহত থকা জোনাই বালিকা বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা বন্যাৰ্ত সকলৰ সৈতে মত বিনিময় কৰাৰ পিছতে নাঁৱত উঠি বেৰাচাপৰিৰ বানে বিধস্ত কৰা ঠাইসমূহ পৰিদৰ্শন কৰে । অঞ্চল সমূহ পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে সাংবাদিকৰ আগত কয় যে,দুৰ্গত ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে খাদ্য,চিকিৎসা,আশ্ৰয় শিবিৰ আদিৰ লগতে পশু খাদ্য ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ লগতে কয় যে,চিয়াং-লালী নৈয়ে বিধ্বস্ত কৰা জোনাইৰ সুৰক্ষা বাবে ঐৰামঘাটৰ পৰা চেঙাজানলৈ গৰাখহনীয়াৰ বান প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ দুৰ্যোগ পুঁজিৰ পৰা বাৰিষা শেষ হোৱাৰ লগে লগে তৎকালীন ভাৱে কাম কৰিবলৈ ১২ কোটি টকাৰ আবন্টন দিয়া বুলি প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাটৰ অঞ্চলত ভয়াৱহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও ৬ কোটি টকাৰ আঁচনি হাতত ল'ব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে,ব্ৰহ্মপুত্ৰৰ নৈ উপনৈ সমুহৰ বান আৰু গৰাখহনীয়া পৰা নৈ পৰীয়া অঞ্চল সমূহক সুৰক্ষা দিবৰ বাবে,বিতং প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে ৷ বানত গৃহহাৰা লোকসকলক বাৰিষাৰ পিছতে প্ৰধান মন্ত্ৰী আবাস যোজনা অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

বান পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে বিজেপিৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি প্ৰেম দত্ত, আৰ্টফেডৰ উপাধ ৰূপা কমান, দুলিয়াজান পাইপ লাইনৰ উপাধক্ষ্য অশ্বিনী পাইত,জেষ্ঠ বিজেপি নেতা মাৱব মুছাহাৰী ধেমাজি জিলা আই টি চেলৰ পাৰ্থ ছেত্ৰী,পূৱ জোনাই মণ্ডল বিজেপি সভাপতি আদিত্য বৰুৱা, ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগী,ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়া,মহকুমা ন্যায়িক দণ্ডাধীশ গায়ত্ৰী পাতিৰ,জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু,জোনাই মহকুমা কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাস,জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা লগতে কেবাগৰাকী জেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.