ETV Bharat / state

12 বিঘা মাটি নিদিয়াৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ল বোৱাৰী

author img

By

Published : May 24, 2021, 1:12 PM IST

যৌতুকৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ব লগা হ’ল বোৱাৰী ৷ যৌতুক হিচাপে পিতৃ গৃহৰ পৰা 12 বিঘা মাটি বিচাৰি বোৱাৰীৰ ওপৰত চলাই শাৰীৰিক আৰু মানসিক আত্যাচাৰ ।

12 বিঘা মাটি নিদিয়াৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ল বোৱাৰী
12 বিঘা মাটি নিদিয়াৰ বাবেই জোনাইত নিৰ্যাতনৰ বলি হ’ল বোৱাৰী

জোনাই,24 মে': জোনাই মহকুমাত বোৱাৰী নিৰ্যাতনৰ দৰে এক ঘটনা পোহৰলৈ আহিছে ৷ অভিযোগ অনুসৰি, দাবী কৰা যৌতুক নিদিয়াৰ বাবেই নিৰ্যাতিত বোৱাৰী গৰাকীৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ সদস্যই সংঘবদ্ধভাৱে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল ৷

উপায়ন্তৰ হৈ জোনাই মহকুমাৰ লক্ষী নেপালী বস্তিৰ নিৰ্যাতিত বোৱাৰীগৰাকীক মাকৰ ঘৰৰ পৰিয়ালৰ লোকে উদ্ধাৰ কৰি সোমবাৰে জোনাই সদৰ আৰক্ষীৰ কাষ চাপে আৰু এই সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ ৷

এজাহাৰত উল্লেখ কৰা অনুসৰি, প্ৰায় ৯ বছৰ পূৰ্বে ভুক্তভোগী মহিলাগৰাকীৰ সৈতে লক্ষী নেপালী বস্তিৰ ফনিন্দ্ৰ দলেয়ে সামাজিক ৰীতি-নীতিৰে বিবাহ পাক্ষত আবদ্ধ হয় । কিন্তু বিয়া হোৱা দিনাৰ পৰাই বোৱাৰী গৰাকীৰ সংসাৰত আৰম্ভ হয় অশান্তি ।

বিবাহৰ পাচত ভুক্তভোগী মহিলাগৰাকীৰ শাহুৱেকে স্বামীৰ সৈতে পৃথকে পৃথকে থাকিব দিয়াৰ উপৰিও কোনো সন্তান প্ৰয়োজন নাই বুলি গৰ্ভ নষ্ট কৰা টেবলেট খাব দিছিল ৷ আনহাতে, বাৰম্বাৰ নিৰ্যাতিত মহিলাগৰাকীক পিতৃ গৃহৰ পৰা 12 বিঘা মাটি বিচাৰি শাৰীৰিক আৰু মানসিক অশান্তি কৰি আহিছিল । মহিলাগৰাকীয়ে যিমান পাৰে স্বামী আৰু পৰিয়ালক সন্তুষ্ট কৰি ৰাখিছিল । কিন্তু মহিলাগৰাকী পিতৃ গৃহৰ পৰিয়ালে বাৰম্বাৰ যৌতুক দিবলৈ অসমৰ্থ হোৱাত নানা ধৰণৰ শাৰীৰিক-মানসিক অত্যাচাৰৰ লগতে ধাৰাবাহিক বাবে মাৰপিট কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৷

পৰিণতিত মহিলাগৰাকী ওপৰত চলা মানসিক আৰু শাৰীৰিক নিৰ্যাতন ক্ৰমশঃ বাঢ়িবলৈ ধৰে । শহুৰেকৰ গৃহৰ পৰা দাবী কৰা 12 বিঘা মাটি আদায় নোপোৱা বাবেই মহিলাগৰাকীৰ স্বামী আৰু স্বামীৰ পৰিয়ালে চলাবলৈ লয় অকথ্য নিৰ্যাতন ৷ অৱশেষত নিৰ্যাতন সহিব নোৱাৰি সোমবাৰে চানিয়াৰ পৰিয়ালৰ লোকে মহিলাগৰাকীক নিজ মাতৃ গৃহলৈ লৈ যায় ।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি, বহুবাৰ কেৰাচিন তেল ঢালি চানিয়াক জ্বলাই দিবলৈও চেষ্টা কৰিছিল স্বামীৰ পৰিয়ালে । মহিলাগৰাকীয়ে নিজৰ ওপৰত চলা নিৰ্যাতনৰ সম্পৰ্কে মাজে-সময়ে ওচৰ চুবুৰীয়াৰ আগতো অবগত কৰিছিল ।

উল্লেখ্য যে, ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে জোনাই সদৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

আনহাতে, মহিলাগৰাকীৰ শহুৰেকে এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰে যে, ‘‘বিয়া হৈ অহা পৰাই পুত্ৰ আৰু বোৱাৰীৰ মাজত প্ৰায়ে কাজিয়া সূত্ৰপাত হয় ৷ তাত মই বা মোৰ পত্নী জড়িত নহয় ৷ কাৰণ পিতৃ-মাতৃ হিচাপে দুয়োৰে ভৰণ পোষণৰ দায়িত্ব লৈ আছো ৷ পুত্ৰ-বোৱাৰীৰ মাজত প্ৰায়েই কাজিয়া হয় থাকে বাবে মাজে সময়ে দুয়োকে ঘৰৰপৰা ওলাই বেলেগ সংসাৰ কৰিবলৈও কওঁ ৷ কিন্তু মই বা মোৰ পত্নীয়ে নিৰ্যাতন চলোৱা নাই’’ ৷

যৌতুক প্ৰথা আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যিমানে চৰকাৰে আইন প্ৰণয়ন কৰিছে, সিমানে যেন বাঢ়িবলৈ ধৰিছে এই অসামাজিক অপৰাধৰ ঘটনা । এনে বহু অপৰাধমূলক ঘটনা পোহৰলৈ নাহে । এই ক্ষেত্ৰত জোনাইত সংঘটিত এই ঘটনাৰ লগত জড়িত অপৰাধীৰ তদন্ত কৰি দৃষ্টামূলক শাস্তিৰ দাবী কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক: যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ আটক 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.