ETV Bharat / state

জোনাইত পকী দলং নিৰ্মাণৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ - বৰং অঞ্চলৰ ৰাইজৰ দান-বৰঙণি

চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ চুড়ান্ত অৱহেলাৰ অভিযোগ জোনাইৰ বৰংবাসী ৰাইজৰ ৷ বাৰিষাৰ পূৰ্বে হাতে হাতে দা, কোঁৰ, বাঁহ লৈ পথ মেৰামতি নামিছে পুৰুষ-মহিলা ৷ বানে ছিঙি পেলোৱা পকী দলঙৰ পুনৰ মেৰামতিৰ কামত লাগিছে বৰংবাসী ৰাইজ ৷

পকী দলং নিৰ্মাণত ব্যস্ত জোনাইবাসী
পকী দলং নিৰ্মাণত ব্যস্ত জোনাইবাসী
author img

By

Published : May 22, 2020, 5:35 PM IST

জোনাই, ২২ মে’: ধেমাজিৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইমেকুৰী, গালী চিকাৰীৰ বৃহত্তৰ বৰং অঞ্চলৰ যাতায়ত ব্যৱস্থা জৰাজীৰ্ণ অৱস্থাত । বৃহস্পতিবাৰে কৰ’ণাৰ আতংককো নেওচি মহকুমাটোত হাতে হাতে দা, কোঁৰ, বাঁহ আদি লৈ বৰং অঞ্চলৰ ৰাইজৰ দান-বৰঙণিৰে পথ মেৰামতিৰ বাবে ওলাই আহিল পুৰুষ-মহিলা ৷

উল্লেখ্য যে, জোনাইৰ লাইমেকুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শান্তিপুৰ সংযোগী গড়কাপ্তানি পথৰ বৰঙত বিগত 3/4 বছৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই নিম্নমানেৰে নিৰ্মাণ কৰি থৈ যোৱা পকী দলঙৰ দুই মূৰৰ মাটি খহি পৰাত বৰং অঞ্চলৰ প্ৰায় 30 খনৰো অধিক গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে চৰম যাতনা । চৰকাৰৰ গড়কাপ্তানি পথ বিভাগৰ চুড়ান্ত অৱহেলাৰ বাবে বৃহত্তৰ বৰং অঞ্চলৰ 1 নং চৰাইবাৰী, 2 নং চৰাইবাৰী, বৰং এৰাসূঁতি, বৰং বুঢ়ীসূঁতি, বৰং তিনিসূঁতি, মধ্যপুৰ, 1 নং কৃঞ্চপুৰ, 2 নং কৃঞ্চপুৰ, মদাৰগুৰী,1 নং পিপুলগুৰী, 2 নং পিপুলগুৰী, 1 নং তেলীজান, 2 নং তেলীজান, মিলননগৰ, বৰং মজদুৰ, বৰং আহোম, সীতাৰাম চাপৰি, ৰামসিং চাপৰি, 1 নং কৰ্ণপুৰ, মুক্তিয়াৰ, দক্ষিণ মামৰ, তল মামৰ, বুঢ়িয়া চাপৰি, জাউঘূলী, কাংকান চাপৰি 30 খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়াতত সমস্যাৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।

পকী দলং নিৰ্মাণত ব্যস্ত জোনাইবাসী

বৰংবাসী ৰাইজে শৈক্ষিক, ব্যৱসায়-বাণিজ্য, বেংক, পঞ্চায়তকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাম-কাজৰ বাবে লাইমেকুৰীলৈ দৈনিক অহা-যোৱা কৰিবলগীয়া হয় । কিন্তু বৰং অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ লাইমেকুৰী টাক' চৰাইবাৰী সংযোগী পথৰ দুৰৱস্থাই বহু বছৰ ধৰি ৰাইজক জ্বলা-কলা খুৱাই আছে ৷

অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক, সাংসদ তথা বিভাগীয় কৰ্তৃপক্ষক মেৰামতি বাবে আবেদন জনোৱাৰ পিছতো আজিলৈকে গুৰুত্ব নিদিয়াত ৰাইজে নিজেই দান-বৰঙণি সংগ্ৰহ কৰি পকী দলংখনৰ খহি যোৱা দুই মূৰত বাঁহ লগাই ট্ৰেক্টৰেৰে মাটি পেলাই খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.