ETV Bharat / state

helpless old man: জোনাইত সামাজিক মাধ্যমৰ গ্ৰুপে অসহায় লোকৰ বাবে সাজিলে গৃহ

সুন্দৰ পৃথিৱীখন থকালৈকে সুন্দৰ মনৰ মানুহো থাকিব । ২১ শতিকাৰ যান্ত্ৰিকতাৰ যুগটো হেৰাই যোৱা নাই মানৱীয়তা । জোনাইৰ এজন অসহায় লোকক এইবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল মানুহে মানুহৰ বাবে নামৰ এটি সামাজিক মাধ্যম গ্ৰুপ (Facebook page construct house for man in Jonai) ।

author img

By

Published : Nov 19, 2022, 1:40 PM IST

helpless old man
জোনাইত সামাজিক মাধ্যম গ্ৰুপে অসহায় লোকৰ বাবে সাজিলে গৃহ

জোনাইত ১৯ নৱেম্বৰ: প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু বিভিন্ন সময়ত একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এইবাৰ ধেমাজি জিলাৰ জোনাইৰ এগৰাকী বৃদ্ধৰ জীৱন সংগ্ৰামৰ জীয়া ছবিয়ে সকলোকে ভাবুক কৰি তুলিছে (Life struggle of an Old man in Jonai)। অকলশৰীয়া বৃদ্ধগৰাকীৰ জীৱন সংগ্ৰামৰ কথা শুনিৰ পিছত এইবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল মানুহে মানুহৰ বাবে নামৰ সামাজিক মাধ্যম এটিয়ে (Manuhe manuhar babe help old men in Jonai) ।

২১ শতিকাৰ যান্ত্ৰিকতাৰ যুগটো কোনে কয় মানৱীয়তা নাই বুলি ৷ এই সুন্দৰ পৃথিৱীখন থকালৈকে সুন্দৰ মনৰ মানুহো থাকিব পৃথিৱীক অধিক সুন্দৰ কৰিবলৈ আৰু মানৱীয় প্ৰমূল্যবোধ জীয়াই ৰাখিবলৈ ৷ তাকে প্ৰমান কৰি দেখুৱালে মানুহে মানুহৰ বাবে নামৰ সামাজিক মাধ্যম অৰ্থাৎ Facebookpageৰ এক মুকলি গ্ৰুপৰ কেইজনমান সদস্যই ।

জোনাইৰ বেৰাচাপৰিৰ মিলন তীৰ্থ গাঁৱৰ চিয়াং নদীৰ পাৰত একাদশ বৰদলৈ নামৰ ৭০ উৰ্ধৰ এজন লোকে এক গোহালি সদৃশ গৃহত আদিম যুগৰ দৰে অতিবাহিত কৰিছিল এক দুৰ্বিষহ জীৱন ৷ এনে এক কৰুণ দৃশ্যই জোনাইৰ কেইটামান সংবাদ মাধ্যমৰ বাতৰিয়ে শিৰোনাম দখল কৰে । সংবাদ মাধ্যমৰ এই বাতৰিৰ পিছতে মানুহে মানুহৰ বাবে নামৰ এটি Facebook pageৰ মুকলি গ্ৰুপৰ সদস্যসকলে বাতৰিৰ লিংকটো Facebook আৰু Instagramৰ জৰিয়তে চেয়াৰ কৰি সকলোকে আহ্বান জনাইছিল একাদশ বৰদলৈ নামৰ লোকজনক সহায় কৰিবলৈ ৷

ইয়াৰ পিছতেই বিভিন্ন প্ৰান্তৰ শুভাকাংক্ষীয়ে লোককজনক সহায়ৰ বাবে আগবঢ়াই আৰ্থিক সাহাৰ্য্য ৷ সেই বৰঙনিৰে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে মানুহৰ বাবে নামৰ Facebook pageৰ গ্ৰুপৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত শুক্ৰবাৰে জোনাইৰ বেৰাচাপৰিৰ মিলন তীৰ্থ গাঁৱৰ লোকজনক বাঁহেৰে এটা ঘৰ নিৰ্মাণ কৰি কিছু সকাহ দিয়ে (Facebook page construct house for man at Jonai) ৷

লগতে পঢ়ক:Delhi police arrested driver: পাকিস্তানক তথ্য যোগান ধৰি গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ গাড়ীচালক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.