ETV Bharat / state

Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে - kabu chapori

জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিয়ে । কবু চাপৰিত বন বিভাগৰ এটা স্থায়ী শিবিৰ স্থাপন কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে ৷

jonai river island kabu chapori
জোনাইৰ নদীদ্বীপ কবু চাপৰি
author img

By

Published : Jul 20, 2023, 8:53 PM IST

জোনাইৰ নদীদ্বীপ কবু চাপৰি

জোনাই,২০ জুলাই : এক নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকতিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ চৌদিশ । গছৰ ডালৰ আৰে আৰে বহি দেশী-বিদেশী চৰাইয়ে প্ৰকৃতিৰ গীত গাই যেন আপোন পাহৰা হৈ পৰিছে ৷ জোনাইৰ নদীদ্বীপ কবু চাপৰিত যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসযজ্ঞৰ ফলত বছৰ বছৰ ধৰি কবু চাপৰিৰ পৰা লুপ্ত হৈ আছিল প্ৰকৃতিকূল ৷

অলপতে বন বিভাগে কবু চাপৰিত বেদখলভাৱে বসবাস কৰি থকা লোকসকলক বেদখলমুক্ত কৰাৰ পিচতে জনশূন্য কবু চাপৰিলৈ বিভিন্ন প্ৰজাতিৰ চৰাই তথা বন্য জন্তুৰ আগমণ ঘটিছে ৷ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দা ইৰিং ৱাইল লাইফ চেন্টচুৰি আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পুনৰ ঘূৰি আহি বাহ সজাত ব্যস্ত হৈ পৰিছে গছৰ ডালে ডালে ৷ অকল থলুৱা প্ৰজাতিৰ চৰাইয়েই নহয়, দেশী-বিদেশী পক্ষীৰ ভিন্ন মাতেৰে মুখৰ হৈ পৰিছে কবু চাপৰি ৷

ইফালে ইমান দিনে কবু চাপৰিৰ জন কোলাহলৰ পৰা লুকাই থকা বান্দৰবোৰো এতিয়া ওলাই আহি বিচৰণ কৰা দেখা গৈছে মুকলিকৈ ৷ তেনেদৰে কাষৰীয়া বিভিন্ন চাপৰিৰ পৰা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাই পুনৰ কবু চাপৰিলৈ ঘূৰি আহি মুক্তভাৱে বিচৰণ কৰা দৃশ্যই পুনৰ সজীৱ কৰি তুলিছে কবু চাপৰিক ৷

বুধবাৰে জোনাই বনাঞ্চলিক বিষয়া মুকুল ৰাভাৰ নেতৃত্বত বন বিভাগৰ এটা দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত সংৰক্ষিত কবু চাপৰি ৷ বেদখল মুক্ত হোৱাৰ পিচতে কবু চাপৰিলৈ পুনৰ ঘুৰি অহা পশু-পক্ষী তথা গছ-গছনিৰ নিৰাপত্তাৰ বাবে পবা বনাঞ্চলৰ তিনিমাইল বিটত থকা বন কৰ্মীয়ে কবু চাপৰিলৈ গৈ দিনে-নিশাই তীক্ষ্ণ পহৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

এনেদৰেই সদায় প্ৰকৃতিৰ জয় হওঁক ৷ কেউফালে সেউজময় হওঁক ৷ চৰাই-চিৰিকটি,জীৱজন্তুৰ মাতেৰে পুনৰ জীপাল হৈ উঠক জোনাইৰ নদীদ্বীপ কবু চাপৰি ৷ কিন্তু চিয়াং নদীৰ সোমাজতে থকা নদীদ্বীপ কবু চাপৰিলৈ নাও ভাড়াত লৈ দৈনিক বন কৰ্মীয়ে কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱালৈ চাই কবু চাপৰিত বন বিভাগৰ এটা স্থায়ী শিবিৰ স্থাপন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে ৷

লগতে পঢ়ক : A village in Jonai has only bamboo bridges:জোনাইৰ এখন বিশেষ গাঁও, কেৱল বাঁহৰ দলঙৰেহে সংযুক্ত হৈ আছে বহি:জগতৰ সৈতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.