ETV Bharat / state

"বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু - ছাত্ৰ একতা সভা

অৱশেষত গেৰুৱা হ'ল বিধায়ক ভূৱন পেগু ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূৱন পেগুয়ে ৷ আঞ্চলিকতাবাদ তথা বাওঁপন্থী আদৰ্শৰে পৰিপুষ্ট ভূৱন পেগুৰ বিজেপি গমনক লৈ চৰ্চিত ৰাজ্যৰ ৰাজনীতি ৷

বাওঁপন্থী ৰ পৰিৱৰ্তে গেৰুৱা হ ল ভূৱন পেগু
"বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু
author img

By

Published : Feb 16, 2021, 6:11 PM IST

Updated : Jun 27, 2022, 3:15 PM IST

গুৱাহাটী, 16 ফেব্ৰুৱাৰী : অৱশেষত ভূৱন পেগুও নৰলগৈ । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত শৰনাপন্ন হ'ল নিজকে আঞ্চলিকতাবাদী আৰু বাওঁপন্থী চিন্তাৰে পৰিচালিত বুলি দাবী কৰি অহা আৰু বহুতকে নিজৰ আদৰ্শত দীক্ষা দি তিনিটা দশকৰ আগতে গণশক্তি নামৰ ৰাজনৈতিক দলৰ জন্ম দিয়া ভূৱন পেগু । সোমবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ভূৱন পেগুৰ ডিঙিত বিজেপিৰ পতাকা আৰু মূৰত টূপী পিন্ধাই দিয়াৰ সেই মূহুৰ্তটোক যেন বহুজন বিজেপিৰ নেতাকৰ্মীয়ে বিশ্বাস কৰিব পৰা নাই ।

উল্লেখ্য যে, 1993 চনৰ কথা । ইতিমধ্যে কটন কলেজৰ দুবাৰ সাধাৰন সম্পাদক হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা । কিন্তু তৃতীয়বাৰৰ বাবেও একেটা পদত নিৰ্বাচিত হৈ অভিলেখ গঢ়াৰ মন কংগ্ৰেছৰ আশীষধন্য ছাত্ৰ নেতাজনৰ । কিন্তু সেইবাৰ তেওঁৰ সমুখত প্ৰত্যাহ্বান হৈ থিয় দিলে সদূৰ জোনাইৰ পৰা অহা এজন তৰুনে । যিসকলে কংগ্ৰেছৰ কঠিন হাতোৰাৰ পৰা কটন কলেজক মুক্ত কৰিব বিচাৰিছিল, গান্ধীবস্তীৰ স্থানীয় সকলৰ অন্তহীন আধিপত্যৰ পৰা কটনৰ ঐতিহ্যক দূৰত ৰাখিব বিচাৰিছিল, তেওঁলোকৰ বাবে আহি গ’ল এক সম্ভাৱনাপূৰ্ণ বিকল্প ।

"বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু

লগতে পঢ়ক : চৰম প্ৰাকৃতিক দুৰ্যোগৰ গৰাহত হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহ

1993 চনৰ কটন কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে থিয় দিলে ভূৱন পেগুৱে । এই সাহসী ল’ৰাৰ সমৰ্থনত যে কেৱল সদৌ অসম ছাত্ৰ সন্থাই আছিল এনে নহয় ; কটনক কংগ্ৰেছী ৰাজনীতিৰ কালিমাৰ পৰা মুক্ত কৰাৰ তাগিদাত একলগ হোৱা কটনিয়ানে সেইবাৰৰ নিৰ্বাচনটোক সঁচাকৈয়ে প্ৰত্যাহ্বান হিচাপে ল’লে আৰু জোনাইৰ ভূৱন পেগুৰ বিজয় নিশ্চিত হ'ল আৰু সেইদিনৰ পৰাই কটনৰ মজিয়াত অবসান ঘটিল হিমন্ত যুগৰ ।

ভূৱন পেগুৱে যে কেৱল জোনাইক কটনৰ মজিয়ালৈ উলিয়াই আনি গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ আধিপত্য তছনছ কৰিছিল এনে নহয়, কলেজ শেষ কৰি বান বিধ্বস্থ ধেমাজিক দিল্লী দিছপুৰৰ ৰাজনীতিয়ে মাহী আইৰ চকুৰে চোৱাৰ অভিযোগ তুলি গঠন কৰিছিল 'গনশক্তি' নামৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল এটা । আঞ্চলিকতাবাদৰ আঁৰত আছিল বাওঁপন্থী ভাবাদৰ্শ । পৰৱৰ্তী সময়ত জোনাই সমষ্টিৰ পৰা গনশক্তিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ প্ৰথম বাৰৰ বাবে নিৰ্বাচিত হোৱা ভূৱন পেগুৱে নামনি সোৱনশিৰি বৃহৎ নদীবান্ধৰ বিৰূদ্ধে আৰম্ভ কৰা যুক্তিপূৰ্ণ, তথ্যনিৰ্ভৰ বিতৰ্কৰ সমুখত ধৰাশায়ী হৈছিল প্ৰতাপী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সেয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে ভূৱন পেগুৰ দ্বিতীয় যুদ্ধ ।

লগতে পঢ়ক : স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন 'নৰ্থ ইষ্ট কুইন'

ইফালে, বিগত 6 মাহৰ পৰা ভূৱন পেগুৱে বিজেপিত যোগ দিয়াৰ কথা কাণ বাগৰিছিল ৷ ভূৱন পেগুক ওচৰৰ পৰা পোৱা বহুতেই কিন্তু এই কথা বিশ্বাস কৰিব পৰা নাছিল । ন-পুৰনি সতীৰ্থ কিম্বা যিসকলে মিছিং যুৱক ভূৱন পেগুক সাম্প্ৰদায়িক শক্তি তথা আগ্ৰাসী শক্তিৰ বিৰুদ্ধে বানবিধস্থ জোনাইৰ বুকুত হলেও মূৰ তুলি নেতৃত্ব দিয়াতো বিচাৰিছিল ৷ কিন্তু সোমবাৰে সঁচাকৈয়ে বিজেপিৰ, বিশেষকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত শৰণাগত হ‘ল কটনৰ নায়ক ভূৱন পেগুৱে । জোনাই-চিলাপথাৰৰ পৰা সৰ্বহাৰাৰ দূৰ্যোগৰ পৰা মুক্তি বিচৰা ভূৱন পেগুৱে সোমবাৰে পিন্ধিলে বিজেপিৰ গেৰুৱা টুপী । ভূৱন পেগুৰ এনে পদক্ষেপক উত্তৰ অসমবাসীকে ধৰি জোনাই-চিলাপথাৰবাসীয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে পুডুচেৰীত সংখ্যালঘু হ'ল কংগ্ৰেছ

Last Updated : Jun 27, 2022, 3:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.