ETV Bharat / state

জোনাইত বানপ্ৰলয়:ফেনে ফোটোকাৰে বাঢ়িছে নৈ উপনৈ - ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

জোনাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা তাকে তিনিআলিৰ কাষৰ গড়কাপ্তানি পথৰ ওপৰেৰে নাহৰ নলাৰ বাঢ়নী পানীয়ে পথ খহাই নিয়াত বিগত কেবাদিনৰ পৰা ৰাইজে বিপদজনকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ ইফালে ৰাকুট কেমেৰেত চিলে নদীৰ বানে চিঙি পেলাইছে মথাউৰি ৷

Jonai flood situation increases dhemaji etv bharat news
বানৰ তাণ্ডৱ ৰূপ
author img

By

Published : Jul 10, 2020, 4:35 PM IST

জোনাই,১০ জুলাইঃ ধেমাজি জিলাৰ জোনাইত বান আৰু খহনীয়াৰ প্ৰলয় অব্যাহত ৷ বিগত এমাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠিছে চিয়াং,লালী আৰু ব্ৰহ্মপুত্ৰ নৈৰ লগতে ইয়াৰ উপনৈসমূহ ৷ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত ন ন অঞ্চলৰ লগতে শতাধিক গাঁৱৰ ঘৰ-বাৰী, খেতিপথাৰ বানত বুৰ যোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চিয়াং নদীৰ বাঢ়নী পানীয়ে বিগত এমাহে জোনাইৰ বেৰা চাপৰি আৰু লোহিজান অঞ্চলৰ ৩০খনৰো অধিক গাঁও প্লাৱিত কৰিছে ৷ ইয়াৰোপৰি ডেপী নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি গালী বৰবালীৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায় ৷

লগতে পঢ়কঃ ডাঃ বি আৰ আম্বেদকাৰৰ "ৰাজগৃহ"ত আক্ৰমণ কৰা আন এজন অভিযুক্ত গ্ৰেপ্তাৰ

অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী,বাট-পথ বানে বুৰাই পেলোৱাৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ৷ ইপিনে ডেপী নদীত উদ্ভৱ হৈছে সাগৰ সদৃশ ঢৌ ৷ ৰায়াং আৰু ৰাজাখানা নদীৰ বাঢ়নী পানীৰ ফলত কাৰ্দং চুকতো বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰ-বাৰী,খেতি পথাৰৰ লগতে বাট-পথ ৷ কাৰ্দং চুক বেকেলী সংযোগী গড়কাপ্তানি পথৰ কেইবাঠাইতো ৰায়াং আৰু ৰাজাখানা নৈৰ বানে মথাউৰি চিঙি পেলোৱাৰ ফলত অঞ্চলটোত যোগাযোগ বিচ্ছিন্ন হৈছে ৷

জোনাইত বানৰ তাণ্ডৱ ৰূপ

একেদৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা তাকে তিনিআলিৰ কাষৰ গড়কাপ্তানি পথটো নাহৰ নলাৰ বাঢ়নী পানীয়ে খহাই নিয়াত বিগত কেইবাদিনৰ পৰা ৰাইজে বিপদজনকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ ৰাকুট কেমেৰেতো চিলে নদীৰ বানে চিঙি পেলাইছে মথাউৰি ৷ আনফালে বানত প্লাৱিত হৈ পৰা অঞ্চলসমূহৰ পশুধনৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ৷ পশ্চিম জোনাইৰ নৈপৰীয়া অঞ্চলত বাঢ়নী পানীয়ে পথ-পথাৰ একাকাৰ কৰি পেলোৱাৰ ফলত যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.