জোনাই ১৫ অক্টোবৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি। জোনাইত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মঙলবাৰে বাইক ৰেলী উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমলৈ লাখ লাখ বিদেশী অনাৰ অভিযোগ তুলে প্ৰতিবাদকাৰী সকলে ৷
আনহাতে বিজেপি,আৰ এছ এছ আৰু ভাৰত চৰকাৰে সংবিধান বিৰোধী,গণতন্ত্ৰ বিৰোধী,সাম্প্ৰদায়িক আৰু অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক খন ২০১৯ বৰ্ষৰ সংসদৰ শীতকালীন অধিবেশনত পুনৰ উত্থাপন কৰি গৃহীত কৰিবই বুলি মন্তব্য কৰাৰ পিচতে জোনাই মহকুমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জিলা সমিতিৰ কৃষক মুক্তি,নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বাইক ৰেলী,পদ সভা আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিওৱা এই বাইক ৰেলীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ জোনাই মহকুমা সমিতিৰ বহু সংখ্যক কৰ্মী সমৰ্থকে মুৰ্কংচেলেক ৰেল আস্থানত সমবেত হৈ তাৰ পৰা লেকু,জেলম, ৰিগবি,চিলে,বাহিৰ জোনাই,কুলি গাঁও হৈ জোনাই দৈনিক বজাৰলৈ বাইক ৰেলী উলিয়ায় | এই অনুষ্ঠানত শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে |