ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাঃ উদুলি মুদুলি টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰ

author img

By

Published : Oct 26, 2019, 2:49 PM IST

বিগত ২৩ অক্টোবৰৰ পৰা বৰ্ণাধ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা ৷ এই সভাখনৰ তৃতীয় দিনা শুকুৰবাৰেও জোনাই টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰত সৃষ্টি হয় উদুলি-মুদুলি পৰিৱেশৰ ৷ শুকুৰবাৰৰ এই বিশেষ কাৰ্যসূচীত ড৹ ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চত ‘গুণগত শিক্ষা ব্যৱস্থাই এটা শক্তিশালী জাতি গঠনৰ মূল আধাৰ’ শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ বুধিন্দ্ৰ বৰুৱাই ৷ উক্ত আলোচনা চক্ৰখনত সমল ব্যক্তি বিচাপে অংশগ্ৰহণ কৰে তেজপুৰ মহাবিদ্যালয়ৰ সামগ্ৰীক বিকাশ কেন্দ্ৰৰ সঞ্চালক ড৹ ৰাজীৱ দলে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাঃ উদুলি মুদুলি টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰ

জোনাই, 26 অক্টোবৰঃ ধেমাজি জিলাৰ জোনাইৰ টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰত ২৩ অক্টোবৰৰ পৰা বৰ্ণাধ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা ৷ এই সভাখনৰ তৃতীয় দিনা শুকুৰবাৰেও জোনাই টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰত সৃষ্টি হয় উদুলি-মুদুলি পৰিৱেশৰ ৷ শুকুৰবাৰৰ এই বিশেষ কাৰ্যসূচীত ড৹ ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চত ‘গুণগত শিক্ষা ব্যৱস্থাই এটা শক্তিশালী জাতি গঠনৰ মূল আধাৰ’ শীৰ্ষক আলোচনা চক্ৰখন পৰিচালনা কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ বুধিন্দ্ৰ বৰুৱাই ৷ উক্ত আলোচনা চক্ৰখনত সমল ব্যক্তি বিচাপে অংশগ্ৰহণ কৰে তেজপুৰ মহাবিদ্যালয়ৰ সামগ্ৰীক বিকাশ কেন্দ্ৰৰ সঞ্চালক ড৹ ৰাজীৱ দলে ৷ তেখেতে ভাষণত কয় যে, শিক্ষা বুলিলে কেৱল অৰ্হতা বিষয়তে গুৰুত্ব নিদি সৰ্বগুণ ক্ষমতাসম্পন্ন কৰি তুলিব পাৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰা বুলি ধৰিব পাৰি ৷ এইক্ষেত্ৰত সমাজৰ প্ৰতিটো শ্ৰেণীৰ ব্যক্তিৰ সহযোগিতাৰ কথাও প্ৰকাশ কৰে ৷ তেখেতে লগতে প্ৰতি গৰাকী ছাত্ৰী-ছাত্ৰীয়ে সকলো অঞ্চললৈ গৈ অভিভাৱক তথা গঁঞা ৰাইজক সজাগ কৰি তুলিবলৈ আহ্বান জনায় ৷

উদুলি মুদুলি টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰ

উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে ডিব্ৰুগড় মহাবিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ড৹ ৰূপম শইকীয়া ৷ সঞ্চালক গৰাকীয়ে তেখেতৰ বক্তব্যত গুণগত শিক্ষাৰ বিষয়ত মহামানৱ মহাত্মা গান্ধীৰ প্ৰসঙ্গ আনি গুনগত শিক্ষাৰ স্বচ্ছতা অনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে উজ্জ্বল ভাৰতৰ সপোনৰ কথা উল্লেখ কৰে ৷ ইয়াৰোপৰি তেখেতে গুণগত শিক্ষা বুলিলে মানৱ জীৱন সকলো দিশৰ পৰা উপযুক্ত কৰি গঢ়িব পাৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰে বুলি ভাষণ প্ৰসঙ্গত কয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালক ড৹ যোগেনচন্দ্ৰ কলিতাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, গুনগত শিক্ষাৰ আধাৰ শক্তিশালী কৰি গঢ় দিব পাৰিলেহে শিক্ষা ব্যৱস্থাটো সাৰ্থক হৈ উঠিব ৷ বৰ্তমান আমাৰ শৈক্ষিক বুনিয়াদ অতি নিম্নমানৰ বুলিও ব্যক্ত কৰে ড৹ যোগেনচন্দ্ৰ কলিতাই ৷ লগতে শিক্ষা আহৰণৰ দিশত ছাত্ৰ ছাত্ৰীক মানসিক চাপ দিয়াটো উচিত নহয় বুলিও মত ব্যক্ত কৰে তেখেতে ৷

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ তৃতীয় দিনাৰ কাৰ্যসূচীত আন্ত মহাবিদ্যালয় বিশ্ববিদ্যালয় ভিত্তিত কুইজ, "অসমৰ জাতীয়বাদ:সংগ্ৰাম,প্ৰত্যাহ্বান আৰু সম্ভাৱনা" বিষয়ত বক্ততা অনুষ্ঠান, আনৰ মতে "প্ৰস্তাৱিত এক ৰাষ্ট্ৰ এক সংবিধানৰ ধাৰণাটো ভাৰতবৰ্ষৰ দৰে দেশৰ বংশ জাতিক আৰু যুক্ত ৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিপন্থী" বিষয়ত তৰ্ক প্ৰতিযোগিতা আৰু চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ আনহাতে সভাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে ৷

Intro:Body:মনোজ্ঞ আলোচনা চক্ৰ আন্ত মহাবিদ্যালয় কুইজ, তৰ্ক, বক্তৃতা আনুষ্ঠান আয়োজন / অৰ্হতা বিষয়তে গুৰুত্ব নিদি সৰ্বগুন ক্ষমতাসম্পন্ন কৰি তুলিব পাৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰা বুলি ধৰিব পাৰিব / বিভিন্ন জনগোষ্ঠীয় নৃত্যত মুখৰ সদৌ অসম ছাত্ৰ জোনাই সাধাৰণ সভা

জোনাই ২৫ অক্টোবৰ

ধেমাজি জিলা জোনাইৰ টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰত ২৩ অক্টোবৰৰ পৰা বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ আজি তৃতীয় দিনাও উদুলি মুদুলি পৰিবেশ | আজি দিনটোৰ অন্যতম কাৰ্য্যসুচী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চত গুণগত শিক্ষা ব্যৱস্থাই এটা শক্তিশালী জাতি গঠনৰ মূ আধাৰ শীৰ্ষক বিষয়ত অনুষ্ঠিত মনোজ্ঞ আলোচনা চক্ৰ খন সঞ্চালনা কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ বুধিন্দ্ৰ বৰুৱাই | আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰি তেজপুৰ মহাবিদ্যালয়ৰ সামগ্ৰীক বিকাশ কেন্দ্ৰৰ সঞ্চালক ড° ৰাজীৱ দলেয়ে ভাষনত কয় শিক্ষা বুলিলে অৰ্হতা বিষয়তে গুৰুত্ব নিদি সৰ্বগুন ক্ষমতাসম্পন্ন কৰি তুলিব পাৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰা বুলি ধৰিব পাৰি | তেনে কৰিবলৈ যাওঁতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ ব্যক্তয়ে এনে ক্ষেত্ৰত সহযোগত আগবঢ়াব লাগিব বুলি কয়| প্ৰতি গৰাকী ছাত্ৰী ছাত্ৰীয়ে সকলো অঞ্চললৈ গৈ অভিভাৱক তথা গঞা ৰাইজক সজাগ কৰি তুলিবলৈ আহ্বান জনায় | আন এগৰাকী আলোচক ডিব্ৰুগড় মহাবিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ড° ৰূপম শইকীয়াই বক্তব্য ৰাখি কয় গুণগত শিক্ষাৰ বিষয়ে কবলৈ যাওতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰসঙ্গ আনি কয় বৃটিছ উপনিবেশৰ পৰা স্বাধীনতা অনাৰ লগতে গুনগত শিক্ষাৰ স্বচ্ছতা অনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে উজ্জ্বল ভাৰতৰ সপোনৰ কথা উল্লেখ কৰে | ইয়াৰোপৰি তেওঁ গুণগত শিক্ষা বুলিলে মানৱ জীৱন সকলো দিশৰ পৰা উপযুক্ত কৰি গঢ়িব পাৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰে বুলি ভাষণ প্ৰসঙ্গত য কয়| গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালক ড° যোগেনচন্দ্ৰ কলিতাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় গুনগত শিক্ষাৰ আধাৰ শক্তিশালী কৰি গঢ় দিব পাৰিলেহে শিক্ষা ব্যৱস্থাটো সাৰ্থক হৈ উঠিব বৰ্তমান আমাৰ শৈক্ষিক বুনিয়াদ অতি নিম্নমানৰ বুলি কয় শিক্ষা আহৰণৰ দিশত ছাত্ৰ ছাত্ৰীক মানসিক চাপ দিয়াটো উচিত নহয় বুলিও মত ব্যক্ত কৰে | সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ আজি তৃতীয় দিনা আন্ত মহাবিদ্যালয় বিশ্ববিদ্যালয় ভিত্তিত কুইজ, অসমৰ জাতীয়বাদ,: সংগ্ৰাম, প্ৰত্যাহ্বান আৰু সম্ভাৱনা" বিষয়ত বক্ততা অনুষ্ঠান, আনৰ মতে' প্ৰস্তাৱিত এক ৰাষ্ট্ৰ এক সংবিধানৰ ধাৰণাটো ভাৰতবৰ্ষৰ দৰে দেশৰ বংশ জাতিক আৰু যুক্ত ৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিপন্থী বিষয়ত তৰ্ক প্ৰতিযোগিতা আৰু চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় | কাইলৈ মকুলি সভা আৰু সন্ধিয়া অনুষ্ঠিত সংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিবেশন কৰিব|

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.