ধেমাজি,8 আগষ্টঃ ধেমাজিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি । নিৰ্মীয়মান অৱস্থাতেই খহিল এটা পথ ৷
ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত মৰিধল পঞ্চায়তত গোৱাল চাপৰিৰ মাজগাঁৱলৈ যোৱা পথটো মেৰামতিৰ বাবে কেইবা কোটি টকা ঠিকা লাভ কৰিছিল ঠিকাদাৰে ৷ কিন্তু পথ মেৰামতিৰ নামত বালিৰ সলনি মাটিৰে ঢাকিছে ব্লকবোৰ ৷ তাৰোপৰি পথটোত কোনো ধৰণৰ ৰুলাৰ মৰা ব্যৱস্থা নকৰি পুৰণা পথতেই সাধাৰণ ভাৱে ব্লকবোৰ পাৰি দিয়াত এতিয়া পথচাৰীয়ে জ্বলা-কলা খাব লগা হৈছে ৷ আনকি দীৰ্ঘ দিন ধৰি পথটো মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠন ৷ অতি শীঘ্ৰে উক্ত পথটোত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷