ধেমাজী, 16 জুন : ৰাজ্যত অব্য়াহত আছে ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে ধ্বংস কৰিছে অবৈধ সুৰাৰ ঘাটি, আটক কৰিছে সৰবৰাহকাৰী ট্ৰাক ৷ ধেমাজীত আবকাৰী বিভাগে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰে ৷
বুধবাৰে নিশা ৯ বজাত জব্দ কৰিবলৈ সক্ষম হোৱা সুৰাখিনিৰ মূল্য ২৪ লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে ৷ অৰুণাচনৰ পৰা ঝাৰখণ্ডলৈ সৰবৰাহ কৰি থকাৰ সময়তে গোপন সূত্ৰৰ ভিত্তিত ধেমাজীৰ আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি ৷
জব্দকৃত গাড়ীখনৰ নম্বৰ হৈছে JH- 09 N- 5684 ৷ বৰ্তমান সুৰাখিনি ধেমাজি আবকাৰী বিভাগৰ জিম্মাত আছে ৷ ফলিয়া তুঁহৰ বস্তাৰ ভিতৰত লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি ৷ উল্লেখ্য যে দুদিন পূৰ্বে নলবাৰী জিলাৰ গণেশ মন্দিৰ চ’কৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিছিল নলবাৰী আবকাৰী বিভাগে ৷
লগতে পঢ়ক : চাবুৱাত তিনি বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা