ETV Bharat / state

ভাৰতীয় যুৱ ফুটবল দলত স্থান লাভ জোনাইৰ গকুল বিশ্বকর্মাৰ - ভাৰতীয় যুৱ দল

অসমবাসীৰ বাবে এটা সুখবৰ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত খেলিবৰ বাবে নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মা । ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাত(Indo-Nepal Youth Football Tournament) ভাৰতীয় যুৱ দলক প্ৰতিনিধিত্ব কৰিব অসম সন্তান গকুল বিশ্বকর্মাই ।

Assam boy Gokul Biswakarma selected for Indian youth football team
ভাৰতীয় যুৱ ফুটবল দলত স্থান লাভ জোনাইৰ গকুল বিশ্বকর্মাৰ
author img

By

Published : May 25, 2022, 1:33 PM IST

Updated : May 29, 2022, 7:18 AM IST

জোনাই, 25 মে’ : ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় যুৱ দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মা(Gokul Biswakarma selected for Indian youth football team) । জোনাইৰ তেলাম নেপালী বস্তিৰ নিবাসী সহদেৱ বিশ্বকৰ্মা আৰু গংগামায়া বিশ্বকৰ্মাৰ সন্তান গকুল বিশ্বকৰ্মা ৷ গকুলে ভাৰতীয় দলত খেলিবলৈ স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জোনাইবাসী ৰাইজ(Assam boy Gokul Biswakarma selected for Indian team) ।

১০ জুনৰ পৰা ১৪ জুনলৈ অনুষ্ঠিত হ’ব লগা ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় যুৱ দলত স্থান লাভ কৰা গকুল বিশ্বকর্মাই পূৰ্বেও জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো খেলত অংশগ্ৰহণ কৰি স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাৰ বাবে য়ুথ গেমছ কাউন্সিল অৱ ইণ্ডিয়াই গকুলক ভাৰতীয় দলত নিৰ্বাচিত কৰাৰ পিছত আৰ্থিক কাৰণত চিন্তিত হৈ পৰিছে গকুল(Assam boy selected for Indian team) ।

গকুল বিশ্বকর্মাৰ

দিন হাজিৰা কৰা গকুল বিশ্বকৰ্মাৰ পিতৃ-মাতৃয়ে সন্তানক নেপাললৈ পঠাবলৈ আৰ্থিকভাৱে অসমৰ্থ । যাৰ ফলত গকুলৰ বাবে এতিয়া তেলাম নেপালীবস্তি ৰাইজৰ লগতে গোর্খা ছাত্ৰ সন্থা, টিএমপিকে আদিকে ধৰি বিভিন্ন দল-সংগঠন, ৰাইজে অর্থ সংগ্ৰহৰ যো-জা কৰা বুলি জানিব পৰা গৈছে । ইফালে দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাৱান খেলুৱৈ গকুল বিশ্বকর্মাই তেওঁৰ দৰে দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈসকলক আৰ্থিকভাৱে সহায় কৰি উৎসাহ যোগাবলৈ অসম আৰু ভাৰত চৰকাৰক জনাইছে আহ্বান ।

লগতে পঢ়ক : টিকটৰ বাবে ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ

Last Updated : May 29, 2022, 7:18 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.