ধেমাজি , ১১ এপ্ৰিলঃ দেশজুৰি চলা লক ডাউনৰ বাবেই খাদ্য সংকটতে দেখা দিছে দেশৰ বিভিন্ন প্ৰান্তত । যাৰ বাবে শনিবাৰে ধেমাজি জিলাৰ জোনাই বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ চিৰিপানি শিলিখাগুৰি চাপৰিত প্ৰায় তিনিশ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে হায়দৰাবাদৰ সাৰদা প্ৰজেক্ট নামৰ কনষ্ট্ৰাকশ্বন প্ৰতিষ্ঠানটোয়ে ৷
প্ৰতিষ্ঠাটোৰ জিলাখনৰ দায়িত্বত থকা বলোৰাম বৰাই জনোৱা অনুসৰি, মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু জোনাই বিধান সভাৰ সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ আহ্বান মৰ্মে পিছ পৰা তথা অসম-অৰুণাচল সীমান্তৰ শিলিখাগুৰি চাপৰিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰায় তিনিশ পৰিয়ালৰ মাজত বিতৰণ কৰে ৷