ETV Bharat / state

Felicitation of youth at Jonai: আৰক্ষীত নিযুক্তি লাভ কৰা যুৱকক সম্বৰ্ধনা - Successful youth of Jonai Felicitated public

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰা ধেমাজি জিলাৰ চিমেন চাপৰিৰ যুৱকক সম্বৰ্ধনা । সম্বৰ্ধনা গ্ৰহণ কৰি নন্দন লাগাছুয়ে বোকাজান প্ৰাথমিক বিদ্যালয়ত উপস্থিত (Successful youth of Jonai Felicitated) হৈ ভৱিষ্যৎ জীৱন গঢ় দিবলৈ গুণগত আৰু নৈতিক শিক্ষা গ্ৰহণত মনোযোগৰ বাবে ছাত্র-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায় ।

Felicitation of youth at Jonai
আৰক্ষীত নিযুক্তি লাভ কৰা যুৱকক সম্বৰ্ধনা
author img

By

Published : Oct 26, 2022, 6:17 PM IST

জোনাই, ২৬ অক্টোবৰ: শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰা ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ বোকাজান গাঁৱৰ জীৱেশ্বৰ লাগাছু আৰু আম্পেশ্বৰী লাগাছুৰ কনিষ্ঠ পুত্ৰ নন্দন লাগাছুক বুধবাৰে বিভিন্ন অনুষ্ঠান,ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে (Successful youth of Jonai Felicitated public)।

আৰক্ষীত নিযুক্তি লাভ কৰা যুৱকক সম্বৰ্ধনা

নন্দন লাগাছুয়ে ২০১৭ চনত চিমেন চাপৰি মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় । তেওঁ ২০১৭-১৯ চনত ডিএলএড পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৯ চনত আৰু ২০২১ চনত দুবাৰকৈ টে'ট পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও শিক্ষক পদত নিযুক্তিৰ পৰা বঞ্চিত হয় (TET exam) । লাগাছুয়ে ২০২২ চনৰ ২৪ এপ্ৰিলত অসম আৰক্ষীৰ কনিষ্টবলত নিযুক্তি লাভ কৰাৰ পাছত লামডিঙৰ দ্বিতীয় অসম আৰক্ষীৰ কৰ্মী বাহিনীত প্ৰশিক্ষণ লয় । তেওঁ ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত উত্তীৰ্ণ হয় ।

চাৰিমহীয়া কনিষ্টবলৰ প্ৰশিক্ষণ এৰি চলিত বৰ্ষৰ ২৩ ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰে । পহিলা নৱেম্বৰত কৰ্মত যোগদান কৰিব লগা নন্দন লাগাছুক আজি বোকাজানৰ বাসগৃহত বোকাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গুণেশ্বৰ পেগু ,বোকাজান অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী উৰু লাগাছু,বোকাজান গাঁৱৰ গণেশৰ কুলি আৰু স্থানীয় ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি নন্দন লাগাছুৱে বোকাজান প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ভৱিষ্যত জীৱন গঢ় দিয়াত গুণগত আৰু নৈতিক শিক্ষা গ্ৰহণত মনোযোগ দিবলৈ ছাত্র-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক:Bandhan Bank Loan : বন্ধন বেংকে দিছে আত্মসংস্থাপনৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.