ধেমাজি,21 এপ্ৰিল: দেশজুৰি অব্যাহত থকা লক ডাউনৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষক সকলৰ মাজত ৷ বজাৰলৈ উৎপাদিত পাচলি উলিয়াই দিব নোৱাৰাৰ বাবে এতিয়া খেতিৰ পথাৰতে অনিষ্ট হৈছে হাজাৰ হাজাৰ বিঘা ভূমিত উৎপাদিত পাচলি ৷ এই অভাৱনীয় পৰিস্থিতিত মূৰে কপালে হাত দিব লগীয়া হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকে ৷
লক ডাউনৰ বাবে হাহাকাৰ লাগিছে ধেমাজিৰ কৃষক সকলৰ মাজতো ৷ উৎপাদিত সকলো পাচলি অনিষ্ট হোৱাৰ বাবে মূৰত সৰগ ভাগি পৰিছে ধেমাজিৰ অতি পিছপৰা বিষ্ণুপুৰ গহপুৰীয়া গাঁৱৰ সুমেশ দাসৰ ৷ আনৰ পৰা ধাৰে টকা পাচলি খেতি কৰা লোকজনৰ পথাৰতে গেলিছে বিঘাই বিঘাই বেঙেনা আৰু তিয়ঁহ ।
সেয়ে নষ্ট হোৱা পাচলি গৰুক খুৱাবলগীয়া হৈছে সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ খেতিয়কগৰাকীয়ে । সকলো সপোন আৰু আশা হেৰুৱাই উপায়ন্তৰ হোৱা দুৰ্ভগীয়া কৃষকজনে বৰ্তমান সহায়ৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷
লগতে পঢ়কঃ হাফলঙত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ