ETV Bharat / state

Digital library in Dhemaji: শিক্ষামন্ত্ৰীয়ে মাছখোৱা স্নাতক মহাবিদ্যালয়ত মুকলি কৰিলে ডিজিটেল শ্ৰেণীকোঠা

author img

By

Published : Feb 23, 2023, 11:00 AM IST

ৰাজ্য় চৰকাৰে দ্বি-ভাষিক বিদ্যালয়ৰ কাম-কাজৰ প্ৰস্তুতি চলোৱা বুলি মন্তব্য় ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৰ (Education Minister Ranoj Pegu on Bilingual School in Assam)। মাছখোৱাৰ স্নাতক মহাবিদ্যালয়ত ডিজিটেল পুথিভঁৰাল আৰু ডিজেটেল শ্ৰেণীকোঠা মুকলি কৰি তেওঁ এই বিষয়ে সদৰি কৰে ।

Digital Classroom opened at Maskhowa Graduate College
শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু
শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

ধেমাজি, ২৩ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ মাছখোৱাৰ স্নাতক মহাবিদ্যালয়ত বুধবাৰে মুকলি কৰা হয় ডিজিটেল পুথিভঁৰাল আৰু ডিজেটেল শ্ৰেণীকোঠা (Digital library opened at Maskhowa Graduate College)। ৰাজ্য় চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ শিক্ষা কল্যাণৰ (Education welfare of plain Tribe and Backward classes) অধীনত এই ডিজিটেল পুথিভঁৰাল আৰু ডিজেটেল শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ranoj Pegu) ৷

উল্লেখ্য় যে ৰাজ্য় চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ শিক্ষা কল্যাণৰ অধীনত মাছখোৱাৰ স্নাতক মহাবিদ্যালয়ক দুমহলীয়া অট্টালিকা নিৰ্মাণৰ বাবে অনুদান আগবঢ়োৱা হৈছিল (Digital Classroom opened at Maskhowa Graduate College)। এই অনুদানেৰেই মহাবিদ্যালয়খনত ডিজিটেল পুথিভঁৰাল আৰু ডিজেটেল শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ছাত্ৰীসকলে নৃত্য প্ৰদশৰ্ন কৰে ।

শিক্ষা মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৰাজ্য় চৰকাৰৰ নিৰ্ধাৰিত পূঁজি অনুসৰি শ্ৰেণীকোঠা আৰু পুথিভঁৰাল নিৰ্মাণ কৰাত সন্তুষ্টি প্ৰকাশ কৰি মহাবিদ্যালয়ৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে উপকৃত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানৰ পাছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে দ্বি-ভাষিক বিদ্যালয়ৰ কাম-কাজৰ প্ৰস্তুতি চলোৱা সম্পৰ্কত কয় যে বৰ্তমান বিদ্যালয়সমূহত অসমীয়াৰ সমান্তৰালভাৱে ইংৰাজী শাখা খোলাৰ বাবে বিভিন্ন বিদ্যালয়ে আবেদন নিবেদন কৰিছে । যথাসম্ভৱ অহা শিক্ষাবৰ্ষৰ পৰা এই দ্বি-ভাষিক বিদ্যালয় প্ৰৱৰ্তন কৰিব বুলিও তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:Meeting on flood preparation in Nagaon: ২০২৩ বৰ্ষৰ বান পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ বৈঠক

ইপিনে, গুৱাহাটী মহানগৰীত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱাৰ সময়তে শিক্ষা মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Education Minister Dr Ranoj Pegu react on murder in Guwahati)। শিক্ষামন্ত্ৰীগৰাকীয়ে এই জঘন্য ঘটনাটোক দুৰ্ভাগ্য়জনক আখ্যা দি ই সমাজৰ বাবে এক অশুভ ইংগিত বুলি মন্তব্য কৰে । শিক্ষা মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সকলোকে সজাগ তথা সচেতন হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Baresahariya Bhaona Jamugurihat : বাৰেচহৰীয়া ভাওনাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.