ধেমাজি,13 এপ্ৰিলঃ গৰু বিহু দিনাও ঢোলৰ দোকানত অৱহেলিত হৈ পৰি থাকিল বিহুৱা ডেকাৰ হেঁপাহৰ ঢোল ৷ ঢোলৰ দোকানত পৰিত্যক্ত হৈ পৰি থাকিল অসংখ্য ঢোলৰ কাঠৰ খোলা, বৰতী ৷ ধেমাজি নগৰৰ একমাত্ৰ ধেমাজি বাদ্য নামৰ জনপ্ৰিয় ঢোল বিক্ৰী কৰা ব্যৱসায়ী প্ৰতিষ্ঠানত এতিয়া নিমাওমাও পৰিৱেশ ৷ লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে ঢোলৰ দোকান ৷ উল্লেখ্য যে, বিহুত ঢোলৰ ব্যৱসায়ৰ বাবে বেংকৰ পৰা ঋণ লৈ ঢোল তৈয়াৰ কৰাৰ বাবে কেঁচামাল আনিছিল ব্যৱসায়ীজনে ৷
পৰিতাপৰ বিষয় যে, এতিয়া লক ডাউনৰ বাবে হতাশজনক অৱস্থাৰ সৃষ্টি হৈছে ঢোল ব্যৱসায়ীৰ মাজত ৷ ইফালে হেঁপাহৰ বিহুত মুকলিকৈ ঢোলত চাপৰ মাৰিব নোৱাৰি দুখ প্ৰকাশ কৰিছে বিহুৱা ডেকাই ৷