ETV Bharat / state

ধেমাজিত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

author img

By

Published : Jan 27, 2021, 3:13 PM IST

বুধবাৰে ধেমাজিত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত হিতাধিকাৰী সকলক 30 হাজাৰ নগদ ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

as_dmj_swayam-youjona-inauguration-by-bhabesh-kalita_img_as10021
ধেমাজিত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

ধেমাজি,27 জানুৱাৰী: ধেমাজিত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ বুধবাৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ ধেমাজি জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পিছতেই আদৰণি ভাষণ আগবঢ়ায় ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে ৷ ইয়াৰ পিছতেই মন্ত্ৰী ভৱেশ কলিতাই হিতাধিকাৰী সকলৰ মাজত এই আঁচনিৰ প্ৰতীকী চেক বিতৰণ কৰে ৷

উল্লেখ্য যে, এই স্বয়ম আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলক প্ৰথম পৰ্যায়ত 30 হাজাৰ টকাকৈ নগদ ধন আৱন্টন দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ জিলাখনত মুঠ হিতাধিকাৰী আছে 29,909 গৰাকী ৷ ইয়াৰে ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ মুঠ 755 টা গোটৰ 5614 গৰাকী হিতাধিকাৰীৰ মাজত ধন আৱন্টন কৰা হৈছে ৷

লগতে পঢ়ক-উজনি সোৱণশিৰিত চীনাৰ আগ্ৰাসনক অগ্ৰাহ্য কৰিলে মহন্ত পাংগিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.