ETV Bharat / state

ধেমাজিত সাংবাদিক নিগ্ৰহৰ ঘটনা : দোষীক গ্ৰেপ্তাৰৰ দাবী

author img

By

Published : Dec 30, 2020, 9:35 PM IST

ধেমাজিত এগৰাকী সংবাদকৰ্মী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ‘বলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি প্ৰেছ ক্লাৱৰ সদস্য বিশ্বজ্যোতি ফুকনক ২৮ ডিচেম্বৰ তাৰিখে দুৰ্বৃত্তই শাৰিৰিকভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

dhemaji-journalist-attack
ধেমাজিত সাংবাদিক নিগ্ৰহৰ ঘটনাঃ দোষীক গ্ৰেপ্তাৰৰ দাবী

ধেমাজি, 30 ডিচেম্বৰ : ৰাজ্যত বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহ দৰে ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ পুনৰ ধেমাজিত এগৰাকী সংবাদকমী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ‘বলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি প্ৰেছ ক্লাৱৰ সদস্য বিশ্বজ্যোতি ফুকনক ২৮ ডিচেম্বৰ তাৰিখে দুৰ্বৃত্তই শাৰিৰিক ভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই আক্ৰমণৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় সাংবাদিকগৰাকী ৷

সাংবাদিকগৰাকীয়ে কৰা অভিযোগ অনুসৰি, কৰ্তব্য সমাপন কৰি ধেমাজি সদৰৰ পৰা গৃহ অভিমুখে আহি থকা সাংবাদিক বিশ্বজ্যোতি ফুকনক ধেমাজি জিলাৰ মাছখোৱা আৰক্ষী চকীৰ অন্তৰ্গত জুলি চাৰিআলিত নিশা ৯ বজাত অতৰ্কিতে আক্ৰমণ এজন দুৰ্বৃত্তই চলায় ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে সাংবাদিকজন ৷ পৰৱৰ্তী সময়ত আক্ৰমণকাৰীজন বাবু কোচ হিচাপে চিনাক্ত কৰা হয় ৷ ঘটনাৰ পাছতে মাছখোৱা উপ আৰক্ষী চকীত ভুক্তভোগী সাংবাদিকজনে এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ধেমাজিৰ সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইফালে সাংবাদিক বিশ্বজ্যোতি ফুকনক শাৰীৰিক আক্ৰমণ কৰাৰ ঘটনাক লৈ বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাৰ জৰিয়তে সাংবাদিক গৰাকীক আক্ৰমণ কৰা লোকজনক আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱা হয় ৷

লগতে পঢ়ক : নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.