ধেমাজি , 27 এপ্ৰিল : লক ডাউনৰ মাজতেই দেওবাৰে ধেমাজি বনসংমণ্ডলৰ অধীনৰ 2 নং গহপুৰীয়া গাঁৱৰ মহেন্দ্ৰ মুৰ্দৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ হ'ল বৃহৎ পৰিমাণৰ অবৈধ কাঠ । গোপন সূত্ৰৰ পম খেদি ধেমাজি বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহত্ত সংখ্যক অবৈধ কাঠ ।
ধেমাজিৰ বনাঞ্চলিক বিষয়া অমিয় পাচনিয়ে জানিবলৈ দিয়া মতে লোকজনে দীৰ্ঘদিন ধৰি অৰুণাচল পাহাৰৰ পৰা এই কাঠসমূহ সংগ্ৰহ কৰি ঘৰৰ বাহিৰে ভিতৰে বিভিন্ন স্থানত মজুত কৰি ৰাখিছিল । ইতিমধ্যে জব্দ কৰা দুই ট্ৰাক বহু মূল্যবান কাঠৰ মূল্য প্ৰায় চাৰি লক্ষাধিক হ'ব বুলি মন্তব্য কৰিছে বন বিষয়াগৰাকীয়ে । ইপিনে আৰক্ষী আৰু বন বিভাগৰ লোকৰ অভিযানকালত কাঠ মাফিয়া গৰাকী ঘৰৰ পৰা পলায়ন কৰে।
লগতে পঢকঃ বিশেষভাৱে সক্ষম দুজন লোকৰ দুঃসাহসিক কাৰ্য