ETV Bharat / state

Cultivation of silkworms : পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা

আহুখেতি আহুকাল, মুগা খেতিৰ কঁপাল ভাল ৷ অসমীয়া এই আপ্তবাক্য শাৰীৰ আখৰে আখৰে ফলিয়াইছে ধেমাজি মাছখোৱা যোৰকটা বৃহত্তৰ অঞ্চলত ৷ কাৰণ আজিও অঞ্চলটোৰ ঘৰে ঘৰে প্ৰস্তুত কৰা হয় পাট-মুগাৰ সূতা ৷ এই থলুৱা বয়ন শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈছে গাঁওবাসী (Self reliant by silkworms Farming) ৷ অৱশ্যে এতিয়াও আওপুৰণি পদ্ধতিৰে পলু পালন কৰিয়ে পৰিয়াল পোহপাল দি আহিছে গাঁওবাসীয়ে ৷

author img

By

Published : May 7, 2023, 2:20 PM IST

Cultivation of silkworms
পলু খেতি কৰি স্বাৱলম্বী
পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা

ধেমাজি, 7 মে’ : সোণালী সূতাৰ দেশ অসম ৷ এই অসম ভূমিৰে বিশেষকৈ ধেমাজি জিলাৰ বিভিন্ন গাঁৱলৈ সোমাই গ’লে দেখিবলৈ পোৱা যায় পলুৰ বাগান (Cultivation of silkworms)৷ ধেমাজিৰ চোমনি বাৰীত পালন কৰা মুগা পলুৰ পৰা পাট মুগা সূতা উলিয়াই প্ৰস্তুত কৰিছে অসমৰ জাতীয় সংস্কৃতিৰ পৰিচায়ক পাট মুগা কাপোৰ ৷ বিভিন্ন অসুবিধাৰ মাজতো চহা কৃষিজীৱি পৰিয়ালসমূহে অসমীয়া স্বাভিমানৰ পাট মুগাৰ থলুৱা বয়ন উদ্যোগটো ঘৰে ঘৰে জীয়াই ৰাখি পৰিয়াল পোহপাল দি আহিছে (Self reliant by silkworms Farming) ৷

অনুকূল বতৰত পালন কৰা বহু চক্ৰী মুগা পলু জেঠুৱা মুগা (ব’হাগ /জেঠমাহ) আৰু কটিয়া (আহিন /কাতিমাহ)ত পালন কৰি নিৰ্দিষ্ট সময়তহে মুগাৰ পৰা সূতা উৎপাদন কৰা হয় ৷ পিছে বৈজ্ঞানিক পদ্ধতিৰে মুগা পালন আৰু সূতা প্ৰস্তুত কৰাত কিছু অসুবিধা সন্মুখীন হৈ আহিছে কৃষকসকলক ৷ কিয়নো কেনেদৰে বৈজ্ঞানিক পদ্ধতিৰে পলু পালন কৰিব লাগে য়েই বিষয়ে জ্ঞাত নহয় অঞ্চলটোৰ কৃষকসকল ৷ সেয়ে ঘৰে ঘৰে আজিও আওপুৰণি পদ্ধতিৰে মুগা পালন কৰি আহিছে মুগা পলু পালকসকলে ৷

ঘৰতে পালন কৰা পলুৰ পৰা সুতা প্ৰস্তুত কৰি ঘৰতে বিভিন্ন কাপোৰ তৈয়াৰ কৰি আহিছে ৷ আনকি প্ৰয়োজনত কম-বেছি মূল্যত বিক্ৰী কৰি আহিছে সেই কাপোৰ ৷ জানিব পৰা মতে, মাছখোৱা যোৰকটা অঞ্চলটোৰ 60% লোক মুগা পালনৰ লগত জড়িত ৷

যোৰকটা শিঙৰামাৰী গাঁৱৰ বিদ্যা চেতিয়া, দিপালী চেতিয়া, পদ্মেশ্বৰ চেতিয়া, ঘন কোঁৱৰ, মদুল বৰুৱা, মণিহ বৰগোঁহাই, মিন্টু গগৈ, কুলামণি দুৱাৰা, শংকৰ মিছং আদি মুগা পালকে চৰকাৰৰ সহযোগিতা অবিহনেই মুগা পালন কৰি আহিছে ৷ বৰ্তমান সময়ত কোনোটো পৰিয়ালে যদি ঘৰতে মুগা সূতা প্ৰস্তুত কৰিছে ৷ আন কোনোৱে আকৌ চোমনি বাৰীত খৰিকা লগাইছে অথবা পলু গছত উঠাইছে ৷

লগতে পঢ়ক : Honey Bee Farming: সৰিয়হ খেতিৰ সমান্তৰালকৈ মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী কৃষকৰ

প্ৰত্যেক পৰিয়ালে ঘৰতে বিভিন্ন ৰিহা, মুগা মেখেলা প্ৰস্তুত কৰে 3500 পৰা 5000 দৰত বিক্ৰী কৰি আহিছে ৷ পৰিতাপৰ বিষয় যে এইবাৰ ব’হাগত অহা কেইবাটাও ধুমুহাই যথেষ্ট ক্ষতি কৰিছে মুগাপালকসকলক ৷ উল্লেখ্য যে, ধেমাজি জিলা মাছখোৱা যোৰকটা অঞ্চলটোত বাণিজ্যিকভাৱে ৰাইজে উপকৃত হ’ব পৰাকৈ এটা মুগা সূতা কটা আধুনিক যন্ত্ৰ অথবা প্ৰকল্প প্ৰয়োজন ৷

আনকি মুগা সঁচ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগে অঞ্চলটোৰ মুগা খেতিয়কসকলক গুৰুত্ব দিলে আগন্তুক দিনত অঞ্চলটোত পাট মুগা শিল্পৰ বয়ন উদ্যোগটো অধিক টনকিয়াল হ’ব আৰু বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙি উঠিব ৷

সম্প্ৰতি গ্ৰাম্য অৰ্থনীতিত শক্তিশালী ভূমিকা লৈছে পলু পালনে ৷ এই পলুৰ পৰা উৎপাদিত সুতা আৰু কাপোৰ অসমৰ লগতে বিদেশতো যথেষ্ট সমাদৃত ৷ কিন্তু সেই অনুপাতে মুগা সূতাৰ উৎপাদন বঢ়া নাই ৷ সেয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক এই ক্ষেত্ৰত সুদৃষ্টি দিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ মুগাপালকসকলে ৷

লগতে পঢ়ক : Assam silk worm: আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ অসমৰ এৰী পলুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.