ETV Bharat / state

Mosquito borne disease: মহৰ পৰা হোৱা ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু ধেমাজি স্বাস্থ্য বিভাগ - মেলেৰীয়া সংক্ৰমণ

মহৰ দ্বাৰা সংক্ৰমিত হোৱা বেমাৰৰ বীজাণুক প্ৰতিৰোধ কৰাৰ বাবে সাজু হৈছে ধেমাজি জিলা স্বাস্থ্য বিভাগ ৷ গৰমৰ সময়ছোৱাত মেলেৰীয়া, এনকেফেলাইটিছ, ডেংগু আদি বেমাৰৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে (Ready to Prevent Mosquito borne disease) ৷

Mosquito borne disease prevention
মৃত্যুদূতৰূপী বেমাৰৰ বীজাণুক প্ৰতিৰোধ কৰাৰ বাবে সাজু হৈছে ধেমাজি জিলা স্বাস্থ্য বিভাগ
author img

By

Published : May 10, 2023, 6:01 PM IST

সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু ধেমাজি স্বাস্থ্য বিভাগ

ধেমাজি, 10 মে’: প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত ৰাজ্যত প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই মেলেৰীয়া, এনকেফেলাইটিছ আৰু ডেংগুৰ ৷ এই সময়চোৱাত মহৰ দ্বাৰা বিয়পা বিভিন্ন মাৰাত্মক ৰোগে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ মহৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱা এনকেফেলাইটিছ, ডেংগু, মেলেৰীয়া আদি ৰোগত আক্ৰান্ত হৈ বহুজনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ বহুজন চিকিৎসাধীন হ’বলগীয়া হয় ৷ গতিকে এই সময়চোৱাত ৰাইজে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিত্যান্তই প্ৰয়োজনীয় ( Mosquito borne disease) ৷

মহৰ দ্বাৰা সংক্ৰমিত হোৱা মৃত্যুদূতৰূপী বেমাৰৰ বীজাণুক প্ৰতিৰোধ কৰাৰ বাবে সাজু হৈছে ধেমাজি জিলা স্বাস্থ্য বিভাগ ৷ ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া মতে এইবছৰ গৰমৰ সময়ছোৱাত মেলেৰীয়া, এনকেফেলাইটিছ, ডেংগু আদি বেমাৰৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে (Ready to Prevent Mosquito borne disease) ৷

বিশেষকৈ জিলাখনত এই সমূহ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে স্বাস্থ্য বিভাগে ৷ এই স্পৰ্শকাতৰ গাঁওসমূহত 900 টা ঔষধিযুক্ত আঁঠুৱা বিতৰণ কৰিছে স্বাস্থ্য বিভাগে ৷ 200 খনকৈ সজাগতা সভা অনুষ্ঠিত কৰিছে বিভাগে ৷ এতিয়ালৈকে সমগ্ৰ জিলাখনত 321 খন গাঁৱত মহ খেদাবৰ বাবে ধোঁৱা দিয়া আৰম্ভ কৰিছে বিভাগে ৷ প্ৰতিটো মাহত প্ৰতিটো স্বাস্থ্য খণ্ডত 15 খনকৈ সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (Dhemaji District Health Department) ৷

এনকেফেলাইটিছ বা ডেংগুত আক্ৰান্ত ৰোগীৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত 12 খন বিছনাযুক্ত এটা আছুতীয়াো কক্ষৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে, 2022 বৰ্ষত ধেমাজিত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল 31 গৰাকীকৈ লোক (Malaria prevention) ৷ ইয়াৰে জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল 43 গৰাকী লোক (Prevent Mosquito Bites) ৷

লগতে পঢ়ক: Jankie Panai field : ঘূণাসুঁতিত জংকী পানেই ক্ষেত্র স্থাপনৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.