ধেমাজি, 10 মে': দীৰ্ঘদিনৰ বিৰতিৰ পিছত ধেমাজিবাসীয়ে পালে এজন কেবিনেট মন্ত্ৰী ৷ সোমবাৰে শপত গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান পালে ১১৩ নং ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক ডা৹ ৰণোজ পেগুৱে ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰে ধেমাজিবাসীৰ লগতে জিলা বিজেপিৰ সকলো স্তৰৰ কৰ্মী ৷
ইপিনে শপতগ্ৰহণৰ সময়তে সোমবাৰে ধেমাজি জিলা বিজেপিয়ে ধেমাজি বিষ্ণু মন্দিৰত জিলা বিজেপিৰ সভাপতিসহ আন চাৰিগৰাকী কৰ্মীৰে উপস্থিত হৈ বিধায়ক তথা নৱ নিৰ্বাচিত মন্ত্ৰী হিচাপে শপত লোৱা ডা৹ ৰণোজ পেগুৰ মংগল কামনা কৰি শৰাই, নৈবেদ্য আগবঢ়ায় ৷
লগতে পঢ়ক : লেঙেৰীজান চাহ বাগিচাত বহিঃলোকৰ প্ৰৱেশ নিষিদ্ধ