ধেমাজি,13 ফেব্ৰুৱাৰীঃ যি সময়ত পৰিৱৰ্তনকামী চৰকাৰখনে শূণ্য সহনশীলতাৰ কথা কৈ আহিছে, দৰিদ্ৰ পৰিয়ালক আৱাসগৃহ আৱণ্টন দিয়াৰ বিষয়ে দাবী কৰিছে, তেনে সময়তে ধেমাজি জিলা চিলাপথাৰৰ নগৰ সমিতিৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱণ্টনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি চিলাপথাৰৰ নগৰ সমিতিৰ অধীনত বিধান ৰয়, দুৰ্গেশ্বৰ সিংহা, পুতুল নমশূদ্ৰ, পুতুল দলে, সুনীল বিশ্বাস নামৰ কেইবাটাও পৰিয়ালক চৰকাৰী আৱাসগৃহ আৱণ্টন দি সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখযোগ্য যে, চিলাপথাৰ নগৰ সমিতিৰ অধীনত সংঘটিত এই সমগ্ৰ অনিয়মৰ ঘটনা পোহৰলৈ আনিছে ধেমাজিৰ সঞ্জীৱ তামুলী নামৰ এগৰাকী আৰটিআই কৰ্মীয়ে দাখিল কৰা তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ৷ ইতিমধ্যে দুৰ্নীতিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধেমাজি জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে আৰটিআই কৰ্মী গৰাকীয়ে ৷
ইপিনে চিলাপথাৰ নগৰ সমিতিত সংঘটিত এনে দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ধেমাজি আটাছু । জিলা আটাছুৰ নেতা পংকজ বৰগোঁহাইয়ে সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে ৷
লগতে পঢ়কঃ শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট...