ETV Bharat / state

অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী,বঙালমাৰী বিল - ধেমাজি

২২নং বঙালমাৰী আৰু পাভমাৰী বিলৰ বেতভৰাল ভেৰেকী পানী খণ্ডত ২০১৬ পৰা অবৈধভাৱে মাছ,কাছ ধৰি নিঃশেষ কৰিছে লোকেশ্বৰ চুতীয়া নামৰ এজন লোকে ৷ ফলত চৰকাৰক ৰাজহ দিয়াত মূৰে কপালে হাত দিবলগীয়া হৈছিল ইয়াৰ পৰিচালনা সমিতিখনে ৷

Destroy a River beel
অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী, বঙালমাৰী বিল
author img

By

Published : Nov 28, 2019, 3:52 PM IST

ধেমাজি, ২৮ নৱেম্বৰ: ধ্বংসৰ গৰাহত ধেমাজিৰ জৈৱ বৈচিত্ৰৰে ভৰা পাভমাৰী, বলমাৰী বিল আৰু লেচীয়া নদী ৷ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰ অন্তৰ্গত মৎস্যকূলৰ বাবে প্ৰসিদ্ধ জলাশয়ত ক্ৰমান্বয়ে হ্ৰাস পাইছে জীৱকূলৰ ৷ বিভিন্ন প্ৰজাতিৰ লগতে বিলুপ্তি ঘটিছে বিৰল প্ৰজাতিৰ সৰীসৃপ আৰু মাছৰ ৷ সমান্তৰালভাৱে হ্ৰাস পাইছে পক্ষীকূলৰ ৷ ইয়াৰ উপৰি দিনে দিনে সংকুচিত হৈ আহিছে জলাশয়কেইটা ৷ সম্প্ৰতি জলাশয়ৰ বহু ভূমি চৰণীয়া পথাৰলৈ পৰিণত হৈছে যদিও আন বহু অংশ বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালি আৰু বোকাই পুতি পেলাইছে ৷ ফলত বিশাল জলাশয় আৰু লেচীয়া নদীয়ে আছন্ন হৈ থকা বহু হেক্টৰ ভূখণ্ডত জৈৱ বৈচিত্ৰৰ মৃত্যুৰ ঘন্টা বাজিছে ৷ স্থানীয় লোকৰ মতে পূৰ্বতে এই বিলকেইখনত মাছ কাছৰে উভৈনদী হৈ আছিল ৷ প্ৰতিখন বজাৰত উপলব্ধ হৈছিল এই নদী আৰু বিলৰ বৰালী,কুঢ়ি,পাভ আদি মাছ ৷ কিন্তু পৰিতাপৰ বিষয় যে বৰ্তমান গাই নদীৰ বাঢ়নী পানীয়ে বিপদ আনিছে বিলখনলৈ ৷

অস্বিত্বৰ সংকটত জৈৱ বৈচিত্ৰৰে ভৰা ধেমাজিৰ পাভমাৰী, বঙালমাৰী বিল

বিলকেইখনৰ দায়িত্ব গ্ৰহণ কৰা গোহাই গাওঁ বহুমুখী সমবায় সমিতিৰ সম্পাদিকা সমিতি দাসে উল্লেখ কৰা অনুসৰি ২০১১ চনৰ প্ৰলংকৰী গাই নদীৰ বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালিয়ে আটাইকেইখন বিলৰ বহু অংশ পুতি পেলায় ৷ লেচীয়া নদীখনো নদীৰ বালিৰ ফলত বাম হয় ৷ কথমপি বাছি আছে অৱশিষ্ট জলাশয়ৰ ভূমি ৷ ইয়াতে মীন মহল হিচাপে সংৰক্ষণ কৰা হৈছে যদিও তাতো একাংশ দুষ্ট চক্ৰই দিনে নিশাই মাছ ধৰি নিঃশেষ কৰিছে ৷ আনফালে মহিলা সমিতিখনৰ সম্পাদিকা গৰাকীয়ে লগতে অভিযোগ কৰে বালিৰে পুতা বিলকেইখনত ২২ নং বঙালমাৰী আৰু পাভমাৰী বিলবেতভৰাল ভেৰেকী পানী খণ্ডত ২০১৬ পৰা অবৈধভাৱে মাছ,কাছ ধৰি নিঃশেষ কৰিছে লোকেশ্বৰ চুতীয়া নামৰ এজন লোকে ৷ ফলত চৰকাৰক ৰাজহ দিয়াত মূৰে কপালে হাত দিবলগীয়া হৈছিল সমিতিখনে ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট মীন মন্ত্ৰীক অভিযোগ দাখিল কৰিছিল যদিও জিলা উপায়ুক্তই মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰা সত্বেও আশ্চৰ্যজনকভাৱে লোকজনে আজিকোপতি বহু মানুহ বিলত নমাই অবৈধভাৱে বিলখনত মাছ মৰা কাৰ্য অব্যাহত ৰাখিছে ৷ ফলত মাছৰ উৎপাদন হ্ৰাস হোৱাত ৰাজহ দিয়াত অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে সমিতিখন ৷ আনহাতে জলাশয়সমূহৰ উন্নয়ণৰ জড়িয়তে মৎস্য কূল সুৰক্ষিত কৰি জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত মীন বিভাগেও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে চাওকঃমটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

Intro:অস্বিত্বৰ সংকটত জৈ ৱ বৈচিত্ৰ্যৰে ভৰা ধেমাজি ৰ পাভমাৰী , বঙালমাৰী বিল ৷বিপন্ন হৈছে থলুৱা আৰু বিৰল প্ৰজাতিৰ মাছ ৷Body: ৷

ধেমাজি , ২৮ নৱেম্বৰ : ধবংসৰ গৰাহত ধেমাজি ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা পাভমাৰী , ব্ঙালমাৰী বিল আৰু লেচীয়া নদী ৷ ধেমাজি জিলাৰ চিচিবৰগাও ৰাজহ চক্ৰ অন্তগৰ্ত মৎস্য কূলৰ বাবে প্ৰসিদ্ধ এইকেইখন বিশাল জলাশয় ত
ক্ৰমান্বয়ে হ্ৰাস পাইছে জীৱকূলৰ ৷ পানীত থকা থলুৱা প্ৰজাতিৰ বিভিন্ন মাছ কাছ লগতে বিলুপ্তি ঘটিছে বিৰল প্ৰজাতিৰ ৰ সৰীসৃপ আৰু মাছ ৷ সমান্তৰালভাৱে হ্ৰাস আহিছে পক্ষীকূল ৷ দিনে দিনে সংকুচিত হৈ আহিছে জলাশয়সমুহ ৷ সম্প্ৰতি জলাশয়ৰ বহু ভূমি চৰণীয়া পথাৰলৈ পৰিণত হৈছে যদিও আন বহু অংশ বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালি আৰু বোকাই পুতি আনিছে ৷ ফলত বিশাল জলাশয়ে আৰু লেচীয়া নামৰ নদীয়ে আছন্ন হৈ থকা বহু হেক্টৰ ভু খণ্ড জৈৱ বৈচিত্ৰ্যৰ মৃত্যুৰ ঘন্টা বাজিছে ৷ সেয়ে এতিয়া বিপদাপন্ন হৈছে কোনোৰকম জীয়াই থকা কিছুসংখ্যক মাছ ,কাছৰ প্ৰজাতিৰ বংশ ৷

স্থানীয় লোকৰ মতে পূব’তে এই বিলকেইখনত মাছ কাছৰে উভৈনদী হৈ আছিল ৷ প্ৰতিখন বজাৰ ত উপলব্ধ হৈছিল এই নদী আৰু বিলৰ বৰালী , কুঢ়ি ,পাভ আদি মাছ ৰ ৷কিন্তু পৰিতাপৰ বিষয় যে গাই নদীৰ বাঢ়নী পানীয়ে বিপদ আনিছে বিলখনলৈ ৷

byte..1. Local people

উল্লেখ্য যে ২/০৮/২০১১ চনৰ পৰা চৰকাৰৰ FISH 55/81/987 ৰ নিৰ্দেশ মতে ৭ বছৰৰ বাবে বিলকেইখনৰ দায়িত্ব লৈ অহা গোহাই গাওঁ বহুমুখী সমবায় সমিতিৰ সম্পাদিকা সমিতি দাসে উদ্বেগেৰে জনোৱা মতে ২০১১ চনৰ প্ৰলংকৰী গাই নদীৰ বাঢ়নী পানীয়ে আটাইকেইখন বিল ৰ বহু অংশ বালিৰে পুতিলে ৷ লেচীয়া নদীখনো পুতি বাম কৰিলে ৷ কথমপি আছে গৈ অৱশিষ্ট জলাশয়ৰ ভূমি ৷ ইয়াতে মীন মহল হিচাপে সংৰক্ষণ কৰা হৈছে যদিও তাতো একাংশ দুষ্ট চক্ৰই দিনে নিশাই মাছ ধৰি নিশেষ কৰিছে ৷ আনফালে মহিলা সমিতিখনৰ সম্পাদিকা গৰা কীয়ে অভিযোগ কৰি কয় যে বালিৰে পুতা বিলকেইখনৰ ওপৰতে ভুতৰ ওপৰত দানৱ পৰা দি ২২ নং বঙালমাৰী আৰু পাভমাৰী বিলৰ বেতভৰাল ভেৰেকী পানী খণ্ডত ২০১৬ পৰা অৱৈধভাৱে মাছ , কাছ ধৰি নি:শেষ কৰিছে লোকেশ্বৰ চুতীয়া নামৰ এজন লোকে ৷ ফলত চৰকাৰক ৰাজহ দিয়াত মুৰে কপালে হাত দিবলগীয়া হৈছিল সমিতিখনে ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট মীন মন্ত্ৰীক অভিযোগ দাখিল কৰিছিল আৰু জিলা উপায়ুক্তই ইতিমধ্যে মাছ মৰা ত নিষেধাজ্ঞা জাৰি কৰা সত্বেও আশ্চৰ্যজনকভাৱে লোকজনে আজিকোপতি বহু মানুহ বিলত নমাই অবৈধভাৱে বিলখনত মাছ মৰা অব্যা হত ৰাখিছে ৷ ফলত মাছৰ উৎপাদন হ্ৰাস হোৱাত ৰাজহ দিয়াত অসুবিধা সন্মুখীন হবলগীয়া হৈছিল ৷
byte,02

Byte,03.

সমিতি দাস , সম্পাদিকা, বহুমুখী সমবায় সমিতি ,Conclusion:

মন কৰিবলগীয়া যে চৰকাৰৰ বিয়াগোম মীন বিভাগ এটা আছে যদিও জলাশয়সমুহ উন্নয়ন কৰি মৎস্য কূল সুৰক্ষিত কৰি জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহন নকৰি কেৱল কাগজে পত্ৰই মীন মহল নামাকৰন কৰিয়ে যেন সংশ্লিষ্ট বিভাগটোৱে দায়িত্ব সামৰিছে ৷

Pradunya Bharali , Dhemaji , Assam ,28/11/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.