জোনাই, ১৩ জুন : কৰ'ণা সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে মহকুমাসমূহটো অধিক সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনে । দেওবাৰে জোনাই মহকুমাত ক'ভিড পৰীক্ষা শিবিৰ(Covid Test Camp)ত ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰা হয় । এই ক'ভিড পৰীক্ষা শিবিৰ(Covid Test Camp)ত জোনাই মহকুমা স্বাস্থ্য বিষয়া(Jonai Subdivision Health Officer) ডাঃ কিশোৰ কামান আৰু চক্ৰ বিষয়া নেকিব চৈয়দ বৰুৱা উপস্থিত থাকে ৷ চিকিৎসক আৰু চক্ৰ বিষয়া গৰাকীৰ উপস্থিতিত ব্যৱসায়ীসকলৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় ৷
জোনাইৰ মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে সাপ্তাহিক বজাৰ(Jonai Weekly Market)ৰ ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা(Covid Test) কৰা হয় । জোনাই মহকুমা স্বাস্থ্যখণ্ড(Jonai subdivision health block)ৰ তৰফৰ পৰা দেওবাৰে পুৱাৰে পৰা জোনাইৰ বজাৰে বজাৰে ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰি ক'ভিড আক্ৰান্তক চিনাক্ত কৰিছে স্বাস্থ্য কৰ্মীসকলে ।
বৰ্তমানলৈকে অৰ্ধ শতাধিক ব্যৱসায়ীৰ ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰা হৈছে । অৱশ্যে এতিয়ালৈকে কোনো ব্যৱসায়ীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰা নাই । ক'ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত জোনাইৰ ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিছে চিকিৎসা কৰ্মীসকলে ।
লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য