ETV Bharat / state

জোনাইৰ ৰোকচিৰ বজাৰত উলংঘা ক’ভিডৰ নীতি নিয়ম - corona second wave

জোনাইত ক'ভিডৰ নিয়ম উলংঘা একাংশ লোকৰ ৷ মুখত নাই মাস্ক, নাই কোনো সচেতনতা ৷ জোনাইৰ একাংশ লোকৰ এনে কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক ৷ নিৰৱ হৈ থকা পৰিলক্ষিত হৈছে জোনাই প্ৰশাসনক ৷

জোনাইৰ ৰোকচিৰ বজাৰত উলংঘা ক’ভিডৰ নীতি নিয়ম

author img

By

Published : May 24, 2021, 8:55 PM IST

জোনাই, ২৪ মে': দেশৰ লগতে অসমতো অব্যাহত ক'ভিডৰ দ্বিতীয়টো ঢৌ' চলি । সমগ্ৰ ৰাজ্য এতিয়া কৰ'না মহামাৰীৰ গ্ৰাসত । দিনে দিনে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ হাৰ । ধেমাজি জিলাৰ জোনাই মহকুমাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ।

জোনাইৰ ৰোকচিৰ বজাৰত উলংঘা ক’ভিডৰ নীতি নিয়ম

শতকৰ ঘৰ অতিক্ৰম কৰিছে ৰোগীৰ সংখ্যাই । আনহাতে জোনাই মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অধীনত জোনাইত ক'ভিডত আক্ৰান্ত হৈ ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে । কিন্তু এতিয়াও জোনাইৰ একাংশ জনসাধাৰণৰ মাজত নাই কোনো ধৰনৰ শংকা, নাই কোনো সচেতনতা । জোনাইৰ অসম-অৰুণাচল সীমান্ত ৰোকচিৰ বজাসমূহত মাস্ক পৰিধান নকৰাকৈয়ে একাংশ লোকে চলাচল কৰে ৷

ইফালে কোনোৱে জেপৰ ভিতৰত ৰাখিছে মাস্ক, আনফালে কোনোৱে আকৌ থুতৰিত পিন্ধিছে মাস্ক । আনহাতে বজাৰৰ ব্যৱসায়ী সকলেও মাস্ক পৰিধান নকৰাকৈয়ে গ্ৰাহকক বিক্ৰী কৰিছে সামগ্ৰী । ক'ভিডৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি-নিয়ম উলংঘা কৰি সামাজিক দূৰত্বও মানিব নিবিচাৰে একাংশ লোকে । ক'ভিডৰ ভয়াৱহ ৰূপে যিদৰে সমগ্ৰ ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি জোনাইৰ একাংশ লোকৰ এনে কাৰ্য্যই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক । কিন্তু এইক্ষেত্ৰত নিৰৱ হৈ থকা পৰিলক্ষিত হৈছে জোনাই প্ৰশাসন ৷

লগতে পঢ়ক : ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.