ETV Bharat / state

Scam in PMAY home allotment: টকা নিদিলে নাপায় PMAY গৃহ, ক্ষুব্ধ হিতাধিকাৰী - Gram Panchayat Scam

ধেমাজিৰ চিমেনচাপৰি গাঁও পঞ্চায়ত PMAY গৃহ আবন্টত ব্যাপক দুৰ্নীতি । গৃহ প্ৰদানৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ জনপ্ৰতিনিধিৰ বিৰুদ্ধে । ইয়াকে লৈ ক্ষুব্ধ হিতাধিকাৰী । বিচাৰিছে ন্যায় ।

Corruption in PMAY home allott in Dhemaji
টকা নিদিলে নাপায় PMAY গৃহ, ক্ষুব্ধ হিতাধিকাৰী
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 11:54 AM IST

টকা নিদিলে নাপায় PMAY গৃহ, ক্ষুব্ধ হিতাধিকাৰী

জোনাই,১২ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই সোচ্চাৰ নহওক কিয় একাংশ গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে কেৰেপেই নকৰে এতিয়া মুখ্যমন্ত্ৰীৰ কথা । ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনৰ চিমেনচাপৰি গাঁও পঞ্চায়ত দুখীয়া ৰাইজৰ বাবে আবন্টন হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰীয়ে ।

অভিযোগ অনুসৰি পঞ্চায়তখনৰ ৪ নং আৰু ৯ নং ৱাৰ্ডৰ মাছখোৱা গাঁও আৰু দোলাকাষৰীয়া গাঁৱৰ দিন হাজিৰা কৰা কেবাটাও দৰিদ্ৰ পৰিয়ালক PMAY ৰ গৃহ প্ৰদানৰ নামত ৱাৰ্ড সদস্য সোণাৰাম বড়ো আৰু জিতুমণি দুৱৰাই ৪০০০ হেজাৰৰ পৰা ৫০০০ হেজাৰ টকালৈ ধন সংগ্ৰহৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে । দাবী কৰা ধন নিদিলে PMAY ৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকিৰে একাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ পৰা কেইবা লক্ষাধিক টকা সংগ্ৰহৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পঞ্চায়তখনত ।

জব কাৰ্ডৰ যোগেদি হিতাধিকাৰীসকলে লাভ কৰা ২১,৭০০ টকা আবন্টন দিয়াতো ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে ৰাইজে । যিসময়ত বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উৎকোচ তথা দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি অৱলম্বন কৰি আহিছে তেনে সময়তে জোনাইৰ চিমেনচাপৰি গাঁও পঞ্চায়ত PMAY আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈ আহিছে ।

জানিব পৰা মতে দৰিদ্ৰ জনতাৰ পৰা সংগ্ৰহ কৰা উৎকোচৰ ধন পঞ্চায়তখনৰ একাংশ বিষয়া-কৰ্মীৰ পকেটত লৈ যায় । দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভেঙুচালি কৰি দৰিদ্ৰ লোকৰ মুখৰ ভাত কাঢ়ি খোৱা এইসকল ঘোচখোৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰা হয় সেয়া হ'ব সময়ত লক্ষ্যনীয় ।

লগতে পঢ়ক: Jorhat ATM Loot : যোৰহাটত এ টি এম লুটপাত কৰি জ্বলাই দিলে দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.