ETV Bharat / state

শামুকীয়া গতিৰে চলিছে জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কাম - জোনাই মহকুমা

জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিৰে চলাৰ লগতে নিম্ন মানদণ্ডৰ সামগ্ৰী প্ৰয়োগৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্যত শিল-বালিৰ ঠাইত পলস সংমিশ্ৰিত শিল, বালি আৰু নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ অভিযোগ ৷

অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কামত জোনাইত ব্যাপক দুৰ্নীতি

author img

By

Published : Nov 9, 2020, 10:48 PM IST

জোনাই, 9 নৱেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূণ্য সহনশীলতাৰ কথা কৈ থকাৰ মাজতে জোনাইত নিৰ্মাণ হৈ থকা মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । 2018 চনৰ 11 জুনত ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা জোনাই মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ।

দুবছৰৰ সময়সীমাৰে নিৰ্মাণ হ'বলগীয়া চিকিৎসালয়খনৰ মাত্ৰ 45 শতাংশ কাম সম্পূৰ্ণ

প্ৰায় 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা অসামৰিক চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম শামকুীয়া গতিৰে চলাৰো অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি ঠিকাদাৰী প্ৰতিষ্ঠানে কোটি কোটি টকা শৰাধ কৰাৰ লগতে শিল-বালিৰ ঠাইত পলস সংমিশ্ৰিত শিল, বালি আৰু নিম্নমানৰ চিমেন্ট ব্যৱহাৰ কৰি চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য চলাইছে ৷

শিল-বালিৰ ঠাইত নিৰ্মাণ কাৰ্যত  পলস সংমিশ্ৰিত শিল, বালি আৰু নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ অভিযোগ

উল্লেখ্য যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জোনাই মহকুমাত অসামৰিক চিকিৎসালয়খন আধাৰশিলা কৰাৰ সময়ত দুবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আশ্বাস দিছিল। কিন্তু 2020 বৰ্ষ সম্পূৰ্ণ হ’বলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ পিছতো আজিৰ তাৰিখলৈকে প্ৰায় ৪৫ শতাংশহে কাম সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে ।

অসম-অৰুণাচল সীমান্তৰ সপোনৰ অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ গৰাকীয়ে বিভাগীয় বিষয়া-অভিযন্তাৰে মিলি এনেদৰে নিম্নমানৰ সামগ্ৰীৰে চলোৱা নিৰ্মাণ কাৰ্য দেখি জোনাইবাসী আচম্বিত হৈ পৰিছে।

লগতে পঢ়ক: আন্ধাকাৰত ডুব গৈছে বগীবিল দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.