ETV Bharat / state

জোনাই-চিমেন চাপৰিত কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত সজাগতা অভিযান

author img

By

Published : Mar 21, 2020, 7:55 PM IST

বিশ্বব্যাপি আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত জোনাই-চিমেন চাপৰিত সজাগতা অভিযান ৷ ইয়াৰ সমান্তৰালকৈ, টিএমপিকে আৰু এমএমকেৰ চমকঙ আঞ্চলিক সমিতি, চমকঙ গাঁও পঞ্চায়তৰ উদ্যোগতো সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

Corona awareness campaign at jonai
জোনাই-চিমেন চাপৰিত কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত সজাগতা অভিযান

জোনাই,21 মাৰ্চঃ বিশ্বব্যাপি আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত জোনাই-চিমেন চাপৰিত সজাগতা অভিযান ৷ মহামাৰী ৰূপ লোৱা মাৰাত্মক কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চৰকাৰী নিৰীক্ষণৰ লগতে গণ সচেতনতা সৃষ্টি কৰি ইয়াৰ বিৰুদ্ধে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ লগতে স্বাস্থ্যসন্মত বিধিৰ সন্দৰ্ভতো ৰাইজৰ মাজত প্ৰচাৰ চলোৱা হয় ৷ জোনাইৰ ঐৰামঘাট,কেমি,পুৰণা জেলম,লেকুজেলম,জোনাই বজাৰ,ৰিকবি,তৰাজান,উজনি বিজয়পুৰ,নামনি বিজয়পুৰ,গালি,গালি চিকাৰি, হাতীগাওঁ,বাহিৰ জোনাই,চিলে,জামজিং চিমেন চাপৰি,চমকঙ,মিছামৰা অঞ্চলত এই প্ৰচাৰ অভিযান চলোৱা হয় ৷ উক্ত কাৰ্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী আৰু চিমেন চমকঙ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰাই ৷

ইয়াৰ সমান্তৰালকৈ, টিএমপিকে আৰু এমএমকেৰ চমকঙ আঞ্চলিক সমিতি, চমকঙ গাঁও পঞ্চায়তৰ উদ্যোগতো সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ চমকঙ হাইস্কুলত অনুষ্ঠিত কৰা সজাগতা সভাত টিএমপিকে,এমএমকেৰ কেবাজনো বিষয়ববীয়া আৰু গাঁও পঞ্চায়তৰ কৰ্মচাৰীয়ে গণ সচেতনতাৰ বিষয়ত বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক-দিছপুৰত কৰ'ণা আতংকঃ সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.