ধেমাজি,5 মে': ধেমাজিত ক্ৰমাৎ জটিলতাৰ দিশে কৰ’ণা সংক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ ধেমাজিৰ কপাহতলী গাঁৱৰ এটা অঞ্চলত একাধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য প্ৰশাসনে লাভ কৰাৰ পিছত গণ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে বুধবাৰে কপাহতলী গাঁৱৰ দক্ষিণে খগেন চুতীয়াৰ বাসগৃহৰ পৰা পশ্চিমে চিৰন চুতীয়াৰ বাসগৃহলৈকে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰি দিয়ে প্ৰশাসনে ৷ ক’ভিড 19 ৰ নিৰ্দেশনাৰ অধীনত অঞ্চলটো পৰৱৰ্তী দহদিনলৈকে কণ্টেইনমেণ্ট জ’ন হিচাপে থাকিব ৷
এই সময়ছোৱাত অঞ্চলটোত কোনো বাহন অথবা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ থাকিব ৷ এই নিষেধাজ্ঞাসমুহ অমান্য কৰিলে জিলা প্ৰশাসনৰ ফালৰ পৰা The Assam covid 19 regulations 2020, Disaster management Ac t 2005 .the epidemic disease Act .1897ৰ অধীনত আৰু অন্যান্য আইন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, বুধবাৰ পৰ্যন্ত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৫৬৩ গৰাকী আৰু মৃতকৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি হয় ৷
লগতে পঢ়ক :তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসনত মমতা বেনাৰ্জী