ধেমাজি , 6 জুলাইঃ ধেমাজি জিলা কংগ্ৰেছ উদ্যোগত পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ৷
সমগ্ৰ ৰাজ্যতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠে বিভিন্ন দল সংগঠন ৷ ঠিক একেদৰে সোমবাৰে ধেমাজি জিলা কংগ্ৰেছ উদ্যোগত পেট্ৰ'ল - ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি তেলিজানৰ পৰা ধেমাজি নগৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজেৰে আঢ়ৈ কিল'মিটাৰ জোৰা পথছোৱাত সভাপতি ৰিপুণ বৰাই ঘোৰা গাড়ীত উঠি প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধি ৰোধ কৰক , বিজেপি চৰকাৰ হুছিয়াৰ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পথছোৱা ।
প্ৰতিবাদৰ মাজতেই ৰাজ্যিক সভাপতিগৰাকীয়ে সাংবাদিকসকলৰ আগত মন্তব্য কৰে, যে শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ কৰে ৷ ২২ দিন ধাৰাবাহিকভাবে বিজেপি চৰকাৰে পেট্ৰ'ল- ডিজেলৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণৰ মূৰত মাধমাৰ সোধাইছে । দেশত চৰকাৰ আছে নে নাই জনসাধাৰণে অনুভৱ কৰিব পৰা নাই । তাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বিকাৰ হৈ আছে । ইপিনে গেলাত টেঙা দি চৰকাৰখনে য'তে- ত'তে টোল গেট স্থাপন কৰি আৰু সাধাৰণ ৰাইজক মাধমাৰ শোধাইছে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে । তাৰোপৰি, অতি শীঘ্ৰে মুল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে নতুন ভূমি নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই ৷
লগতে পঢ়ক- বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন!