ETV Bharat / state

Children’s Special Gaon Sabha in Jonai : জোনাইত সম্পন্ন হ’ল শিশু গাওঁসভাৰ - জোনাইত অনুষ্ঠিত হৈছে শিশু গাওঁসভা

বিদ্যালয় পৰ্যায়ত শিশুসকলৰ সমস্যা শিশুসকলৰ দ্বাৰা উত্থাপিত কৰোৱাৰ উদ্দেশ্য জোনাইত অনুষ্ঠিত হৈছে শিশু গাওঁসভাৰ ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন প্ৰকল্পৰ আওতালৈ অনা হ’ব শিশুসকলৰ সমস্যা-অসুবিধাবোৰ( Children’s Special Gaon Sabha in Jonai ৷

Children’s Special Gaon Sabha in Jonai
জোনাইত সম্পন্ন হ’ল শিশু গাওঁসভাৰ
author img

By

Published : Dec 16, 2022, 1:56 PM IST

জোনাইত সম্পন্ন হ’ল শিশু গাওঁসভাৰ

জোনাই ১৬ ডিচেম্বৰ : লাইমেকুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত লাইমেকুৰী কৃষ্টি ভৱন প্ৰাংগনত বিশেষ শিশু গাওঁসভা সম্পন্ন ৷ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত লাইমেকুৰী গাওঁ পঞ্চায়তৰ উদ্যোগত বহনক্ষম উন্নয়নৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে লাইমেকুৰী কৃষ্টি ভৱনৰ প্ৰাংগনত এখন বিশেষ শিশু গাওঁ সভা অনুষ্ঠিত কৰা হয় ( Children’s Special Gaon Sabha in Jonai) । লাইমেকুৰী গাওঁ পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিশু গাওঁ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে লাইমেকুৰী গাওঁ পঞ্চায়তৰ সচিব স্বপ্নৰঞ্জন ময়েঙীয়াই ।

সভাত পৰ্যবেক্ষক হিচাপে ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ ধেমাজি জিলাৰ পৰিকল্পনা আৰু পৰ্যবেক্ষণ বিষয়া কামাখ্যা বৰুৱাই কয় যে শিশু সকল আমাৰ ভৱিষ্যত । সেয়ে শিশু সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰীভাৱে আঁচনি প্ৰস্তুত কৰিবলৈ শিশু সকলৰ বাবে আয়োজন কৰা হৈছে এই শিশু গাওঁসভাৰ ৷

শিশুসকলে প্ৰাত্যাহিক জীৱন যাত্ৰাত সন্মুখীন হৈ অহা সমস্যা-সুবিধা-অসুবিধা আদি বিভিন্ন বিষয় উত্থাপন কৰিবলৈ এনে ধৰণৰ শিশু গাওঁ সভা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰি শিশু সকলে উত্থাপন কৰা বিষয়বোৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন প্ৰকল্পৰ আওতাত অন্তৰ্গত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে কামাখ্যা বৰুৱাই । অনুষ্ঠানত গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ সঞ্চালক লুইত গোস্বামীয়ে কয় যে, পিছপৰা, অনগ্ৰসৰ অঞ্চলৰ শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্য আগত ৰাখি গাওঁ পঞ্চায়তৰ সভাসমূহত শিশুসকলৰ অংশগ্ৰহণৰ উদ্দেশ্যৰে এনেধৰণৰ গাওঁসভাৰ আয়োজন কৰা হৈছে ৷ শিশুসকলে সভাত উত্থাপন কৰা সমস্যাবোৰ গাওঁ পঞ্চায়ত উন্নয়ন প্ৰকল্প আঁচনিত অন্তৰ্ভুক্ত কৰি ইয়াৰ ৰূপায়ণৰ ব্যৱস্থা হাতত ল'বলৈ শিশু গাওঁসভাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে গোস্বামীয়ে ৷

শিশুসকলৰ দৃষ্টিভংগী, অভাৱ-অভিযোগ আৰু আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰাকৈ এখন শিশু উপযোগী উন্নয়নশীল সমাজ নিৰ্মাণ কৰাটোৱেই শিশু গাওঁ সভাৰ মূল উদ্দেশ্য বুলি বক্তব্য আগবঢ়ায় সঞ্চালকগৰাকীয়ে । সভাত উপস্থিত থাকি ইউনিচেফৰ (United Nations International Children’s Emergency Fund) কমিউনিকেছন কনচালটেন্ট অনুপ শৰ্মাই কয় যে বিদ্যালয় পৰ্যায়তে যাতে শিশু সকলে পুথিভঁৰালৰ গুৰুত্বতা, দক্ষতা বিকাশৰ জৰিয়তে কৰ্মসংস্কৃতিৰ প্ৰতি ধাউতি, কলা-সংস্কৃতি, নৃত্য-গীত, ক্ৰীড়া আদি দিশত মনোনিৱেশ কৰিব পাৰে আৰু স্কুলীয়া জীৱনটোতে সামগ্ৰিকভাৱে দুৰ্যোগ বহনক্ষম আন্তঃগাঁথনিৰ জৰিয়তে এটা সুন্দৰ ভৱিষ্যত জীৱন তথা সমাজ নিৰ্মাণৰ ভেঁটি তৈয়াৰ কৰিবলৈ সম্যক ধাৰণা কৰিব পাৰে তেনে চিন্তা-উদ্দেশ্য আগত ৰাখিয়েই শিশু গাওঁ সভাৰ আয়োজন কৰা হৈছে বুলি সভাত উদ্যোক্তাসকলে উল্লেখ কৰে ৷

শিশুসকলক এই গাওঁসভাৰ জৰিয়তে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰোৱাই শিশুসকলক উন্নয়নৰ আঁচনি উত্থাপন কৰাৰ সুযোগ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি সভাত উদ্যোক্তাসকলে বক্তব্য দাঙি ধৰে । অনুষ্ঠানত ইউনিচেফৰ বিষয়ববীয়া পুৰুজ মালহোত্ৰা, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় গণ্য মান্য ব্যক্তি উপস্থিত থাকে । সভাত কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সমস্যা-অসুবিধাৰ বিষয়ে ভাষণত ব্যক্ত কৰাৰ লগতে শিক্ষাৰ্থীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

লগতে পঢ়ক: Badungduppa Kala Kendra: দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.