ETV Bharat / state

লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধানৰ দাবী বড়ো কছাৰী পৰিষদৰ - CEO of BKWAC

CEO of BKWAC: জোনাইৰ বেৰাচাপৰিৰ জলডুৱি বড়ো গাঁওখন পৰিদৰ্শন বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ । তেওঁ গাঁওখনৰ ৰাইজৰ সমস্যাৰ বুজ লৈ সমাধানৰ আশ্বাস দিয়ে ।

CEO of BKWAC in Jaldubi
জলডুৱি গাঁৱত BKWACৰ মুখ্য কাৰ্যবাহী
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:58 PM IST

জলডুৱি গাঁৱত BKWACৰ মুখ্য কাৰ্যবাহী

জোনাই, ২৭ ডিচেম্বৰ: বিজেপি চৰকাৰে যদিহে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ বড়ো গাঁওসমূহত জাননী জাৰি কৰি পৰিষদক অধিক ক্ষমতা প্ৰদান নকৰে তেনেহ'লে বড়ো কছাৰী ৰাইজ ক্ষুব্ধ হ'ব । জোনাইত বুধবাৰে এইদৰে মন্তব্য কৰে বড়ো কছাৰী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্যাৰ সমাধান বিচাৰে বিটিচি বাহিৰৰ ১০ লক্ষাধিক বড়ো ৰাইজে ৷ তেওঁ কয়," আমি চৰকাৰৰ লগত আছো আৰু থাকিম ৷ কিন্তু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান নকৰিলে বড়ো কছাৰী ৰাইজে পুনৰ বিবেচনা কৰিব ।" আজি জোনাইৰ বেৰাচাপৰিৰ জলডুৱি বড়ো গাঁৱখন পৰিদৰ্শনৰ বাবে আহি এইদৰে মন্তব্য প্ৰদান কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে ৷

বড়ো কছাৰী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে পোনপ্ৰথমবাৰৰ বাবে জোনাই জলডুৱি গাঁৱলৈ আহি ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷ জলডুৱি গাঁৱৰ নিৰ্মীয়মান বাথৌ মন্দিৰৰ প্ৰাঙ্গণত ৰাইজৰ সৈতে মতবিনিময় কৰি গাঁওখনৰ ৰাইজৰ সমস্যা আৰু দুৰ্দশাৰ বুজ লয় ৷

এই সভাতে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে চৰকাৰৰ পৰা লাভ কৰা পূঁজি আৰু কি কি আঁচনি পৰিষদখনে গ্ৰহণ কৰি আহিছে তাৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ বৰ্তমানে লাভ কৰা পুঁজিৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সকলো গাঁৱৰ ৰাইজৰ উন্নয়ন কৰাটো সম্ভৱ নহয় ৷ যাৰ বাবে বড়ো কছাৰী কল্যাণ পৰিষদলৈ অধিক পুঁজি আৰু ক্ষমতা বিচাৰি চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে বুলি তেওঁ মন্তব্য় কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীৰ এই পৰিদৰ্শন সময়ত আইটিডিপিৰ চেয়াৰমেন ফৈলাও মুছাহাৰী, ইউৱিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,জিলা সভাপতি আশোক দৈমাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ সম্ভাৱনা প্ৰকট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.