জোনাই ২০ চেপ্তেম্বৰ, চিলাপথাৰত এটা CCTV'ৰ দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এখন চুইফট বাহনে আন এখন মাৰুতি ভেনক অতিক্ৰম কৰিবলৈ গৈ সামান্য ঘঁহনি খায় । নিজে অতিক্ৰম কৰি আনৰ বাহন ক্ষতি কৰা ভদ্ৰ মহিলাই ক্ষুন্ন হৈ বাহনৰ পৰা নামি তৰ্জন গৰ্জন কৰি বাটৰ শিল উঠাই প্ৰহাৰ কৰে ভেনৰ চালকক। তাৰোপৰি,ভেন চালকে গাড়ী ওভতাই যাবলৈ উদ্যত হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আগভেটী ধৰিলে ভদ্ৰ মহিলাৰ আত্মীয়ই । ইয়াৰ পিছতে চালকৰ ওপৰত চলিল উপৰ্যুপৰি চৰ ভুকু। বৃহস্পতিবাৰে সংঘটিত ঘটনাৰ ভিডিঅ' ক্লীপছ চিনাক্ত হোৱা ভদ্ৰ মহিলা গৰাকী হ'ল চিলাপথাৰ পৌৰসভাৰ বিজেপিৰ ৱাৰ্ড কমিচনাৰ তথা চিলাপথাৰ ডনবস্ক স্কুলৰ কৰ্মচাৰী জেনিফাৰ ফুকন। প্ৰহৃত স্কুল ভেনখনৰ চালক হ'ল চিলাপথাৰৰ বিজু ফুকন ।
চিলাপথাৰত CCTV আবদ্ধ বিজেপিৰ ৱাৰ্ড কমিচনাৰৰ অতপালি! - CCTV
ভেন চালকে গাড়ী ওভতাই যাবলৈ উদ্যত হোৱা সময়তে বিপৰীত পৰা আগভেটী ধৰিলে ভদ্ৰ মহিলাৰ আত্মীয়ই। ইয়াৰ পিছতে চালকৰ ওপৰত চলিল উপৰ্যুপৰি চৰ ভুকু
জোনাই ২০ চেপ্তেম্বৰ, চিলাপথাৰত এটা CCTV'ৰ দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এখন চুইফট বাহনে আন এখন মাৰুতি ভেনক অতিক্ৰম কৰিবলৈ গৈ সামান্য ঘঁহনি খায় । নিজে অতিক্ৰম কৰি আনৰ বাহন ক্ষতি কৰা ভদ্ৰ মহিলাই ক্ষুন্ন হৈ বাহনৰ পৰা নামি তৰ্জন গৰ্জন কৰি বাটৰ শিল উঠাই প্ৰহাৰ কৰে ভেনৰ চালকক। তাৰোপৰি,ভেন চালকে গাড়ী ওভতাই যাবলৈ উদ্যত হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আগভেটী ধৰিলে ভদ্ৰ মহিলাৰ আত্মীয়ই । ইয়াৰ পিছতে চালকৰ ওপৰত চলিল উপৰ্যুপৰি চৰ ভুকু। বৃহস্পতিবাৰে সংঘটিত ঘটনাৰ ভিডিঅ' ক্লীপছ চিনাক্ত হোৱা ভদ্ৰ মহিলা গৰাকী হ'ল চিলাপথাৰ পৌৰসভাৰ বিজেপিৰ ৱাৰ্ড কমিচনাৰ তথা চিলাপথাৰ ডনবস্ক স্কুলৰ কৰ্মচাৰী জেনিফাৰ ফুকন। প্ৰহৃত স্কুল ভেনখনৰ চালক হ'ল চিলাপথাৰৰ বিজু ফুকন ।
চিলাপথাৰত ৰাজপথত বিজেপি কমিচনাৰৰ তাণ্ডৱ। প্ৰহৃত চালকক জে'ললৈ প্ৰেৰণ।
জোনাই ২০ ছেপ্টেম্বৰ
চিলাপথাৰত এটা চি চি টি ভি'ৰ দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এখন চুইফট বাহনে আন এখন মাৰুতি ভেনক অভাৰট্ৰেক কৰিবলৈ গৈ সামান্য ঘঁহনি খায়। নিজে অভাৰট্ৰেক কৰি আনৰ বাহন ক্ষতি কৰা ভদ্ৰমহিলাই ইয়াতে ক্ষুন্ন হৈ বাহনৰ পৰা নামি তৰ্জন গৰ্জন কৰি বাটৰ শিল উঠাই প্ৰহাৰ কৰে ভেনৰ চালকক। লাজে অপমানে জৰ্জৰিত হৈ গাড়ী ওভতাই যাবলৈ উদ্যত হোৱা সময়তে বিপৰীত পৰা আগভেটী ধৰিলে ভদ্ৰ মহিলাৰ আত্মীয়ই। ইয়াৰ পিছতে চালকৰ ওপৰত চলিল উপৰ্যুপৰি চৰ ভুকু। কালি সংঘটিত ঘটনাৰ ভিডিঅ ক্লীপট চিনাক্ত হোৱা ভদ্ৰ মহিলা গৰাকী হ'ল চিলাপথাৰ পৌৰ সভাৰ বিজেপিৰ ৱাৰ্ড কমিচনাৰ তথা বহু বিতৰ্কিত চিলাপথাৰ ডনবস্ক স্কুলৰ কৰ্মচাৰী জেনিফাৰ ফুকন। প্ৰহৃত স্কুলীয়াৰ বাহনৰ চালক হ'ল চিলাপথাৰৰ বিজু ফুকন। পথত আগভেটি ধৰা লোকজনে হ'ল জেনীফাৰৰ ভাতৃ তথা স্থানীয় ইউটুপিয়ান একাডেমিৰ সঞ্চালক সিদ্ধাৰ্থ ফুকন। ইপিনে ইমানতো ক্ষান্ত নাথাকি জেনিফাৰে পোনে থানালৈ গৈ বিজু ফুকন ওপৰত তৰে গোচৰ। এজাহাৰ পাই স্মাৰ্ট পুলিচে চালকক ছাত্ৰ ছাত্ৰী নি থকাৰ পৰাই বাহনসহ ধৰি জে'ললৈ প্ৰেৰণ কৰে। অথচ ঘটনাকলৈ বিজু ফুকনেও দিয়া ক্ৰচ কেচ আৰক্ষীয়ে গ্ৰহনেই নকৰিলে বুলি অভিযোগ উঠিছে। স্মৰ্তব্য ৰাজপথত সংঘটিত এই সমস্ত ঘটনাটো চি চি টি ভি কেমেৰাত আৱদ্ধ হৈ আছিল সবিস্তাৰে। বিজু ফুকনে নহয় বৰঞ্চ আক্ৰমন চলাইছিল কমিচনাৰ জেনিফাৰে। কোন দোষি কোন নিৰ্দোষ ষ্পষ্টকৈ সকলো পৰিষ্কাৰ হৈ থকা সত্বেও ৰাজনৈতিক হেঁচাত লেও সেউ হৈ চৰম পক্ষপাতমূলক ভূমিকাৰ গ্ৰহন কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে অভিযোগ তুলি উত্তাল কৰি তোলে পৰিবেশ। ঘটনাকলৈ সন্ধিয়া বহুলোক থানাত উপস্থিত হৈ আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
কৰবী দলে জোনাই Conclusion: