ETV Bharat / state

Ayushman Bharat Card:চিলাপথাৰত আয়ুষ্মান কাৰ্ড বিতৰণ - Ayushman Bharat Card

ধেমাজি জিলাৰ চিচিবৰগাঁৱত 'আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' আৰু 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত 'আয়ুস্মান কাৰ্ড' বিতৰণ প্ৰক্ৰিয়া মুকলি ৷ এই কাৰ্ড বিতৰণ কৰে বিধায়ক ভূৱন পেগুই ।

Ayushman Bharat Card in Dhemaji
আয়ুষ্মান কাৰ্ড বিতৰণ
author img

By

Published : Jun 17, 2023, 3:39 PM IST

আয়ুষ্মান কাৰ্ড বিতৰণ

জোনাই, ১৭ জুন: আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ধেমাজি জিলাৰ চিচিবৰগাঁৱত হিতাধিকাৰীসকলৰ মাজত শুক্ৰবাৰে আয়ুষ্মান কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই আয়ুষ্মান কাৰ্ড বিতৰণ কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ দৰিদ্ৰ জনসাধাৰণে এই আচঁনিৰ জৰিয়তে সুফল লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । বিধায়ক ভূৱন পেগুই যিসকল যোগ্য ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধীকাৰী এতিয়াও এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোককো নিজৰ নাম অন্তৰ্ভুক্তি কৰি আয়ুষ্মান কাৰ্ড লাভ কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য় যে ধেমাজি জিলাত মুঠ ৪ লাখ ৭৮ হাজাৰ হিতাধিকাৰী আছে ৷ এই হিতাধীকাৰীৰ মাজৰেই কালি ৫ জন যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড আনুষ্ঠানিকভাবে বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী লগতে জিলা স্বাস্থ্য বিভাগ , জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (NFSA) অধীনত ৰেচন কাৰ্ড উপভোক্তা সকলকৰ মাজত অনুষ্ঠানিক ভাবে ৫ লাখ টকীয়া বিনামূলীয়া চিকিৎসা সেৱাৰ আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয় ।

উল্লেখযোগ্য যে এই দুখন আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পৰা সুবিধা আছে বুলি বক্তাসকলে কয় ৷ সাৰ্বজনীন স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰি ২০১৮ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰিত ৰূপ হিচাপে অসম চৰকাৰে 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' নামৰ আঁচনিখন প্ৰৱৰ্তন কৰিছে ।

এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ সকলো ৰেচনকাৰ্ড থকা পৰিয়ালক স্বাস্থ্যৰ নিশ্চয়তা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ এবি-পিএমজেএৱাই আৰু এএ-এমএমজেএৱাই আঁচনি দুখনৰ অধীনত আয়ুস্মান কাৰ্ড থকা হিতাধিকাৰীসকলে ৰাজ্য তথা দেশৰ 300 ৰো অধিক চৰকাৰী আৰু বেচৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত নগদ বিহীন ভাৱে বিভিন্ন ৰোগৰ 24 প্ৰকাৰৰ চিকিৎসা বিশেষত্বই সামৰি লোৱা 1900 টা চিকিৎসা সেৱা তথা অস্ত্ৰোপচাৰৰ সুবিধা লাভ কৰিব ৷

লগতে পঢ়ক:Ayushman Bharat Card: মুখ্যমন্ত্ৰীৰ সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.